অসম

লাইনচ্যুত মালবাহী ৰে’ল, ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা…

যোৰহাট চহৰৰ লাহটি ষ্টেচনত সমীপত মালবাহী ৰেলৰ ডবা লাইনচ্যুত।

কাৰিকৰী বিজুতিৰ বাবে ৰে’লখন লাইনচ্যুত হোৱা বুলি ৰে’লৱে সুৰক্ষা কৰ্মীয়ে জানিবলৈ দিয়ে।

মালবাহী ৰে’লখন লাইনচ্যুত হোৱাৰ ফলত সম্প্ৰতি বন্ধ হৈ পৰে তিতাবৰ মৰিয়নী আৰু যোৰহাট ইঞ্জিনিয়াৰিং কলেজ পথ৷

লাইনচ্যুত ৰে’লখনৰ ডবা উঠাবলৈ তিনিচুকীয়াৰ পৰা অনা হয় ৰিকভাৰী বাহন৷

অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা হৈছে৷

অতি ব্যস্ত অঞ্চল লাহটিত ইয়াৰ পূৰ্বেও মালবাহী ৰে’ল লাইনচ্যুত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *