অসমবাসীৰ মৰমত অভিভূত লাভলীনা, থুকাথুকি মাতেৰে ধন্যবাদ জনালে সকলোকে…

দিল্লীৰ পৰা উৰা মাৰি আহি ওপজা মাটি স্পৰ্শ কৰিলে লাভলীনাই।

বিশ্ববাসীৰ সন্মুখত অসমৰ নাম উজলাই মাতৃভূমিত উপস্থিত হ’ল বজ্ৰকন্যা লাভলীনা।

ঘৰৰ পৰা এবছৰ ধৰি আঁতৰি থকা লাভলীনা আহি পালে আপোন মানুখিনিৰ মাজলৈ।

নগৰ-চহৰ সকলো আজি লাভলীনাময়।

বিমান বন্দৰত লাভলীনাক উষ্ম আদৰণি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

গামোচা, ফুলৰ থোপা, জাপিৰে লাভলীনাক আদৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

বিহু হুচৰিৰে আদৰণি জনোৱা হয় লাভলীনাক।

হাজাৰ হাজাৰ অনুৰাগীৰ মাজতে উচুপি উঠিল বজ্ৰকন্যা লাভলীনা।

আৱেগিক লাভলীনাই থুকাথুকি মাতেৰে কৃতজ্ঞতা জনালে সকলোকে।

তেওঁৰ সফলতা কামনা কৰি প্ৰাৰ্থনা কৰাৰ বাবে সকলো অসমবাসীক ধন্যবাদ জনালে লাভলীনাই।

মাতৃভূমিত উপস্থিত হৈ লাভলীনাৰ মন্তব্য- ‘অসমবাসীক ধন্যবাদ, আগন্তুক দিনত স্বৰ্ণ জয় হ’ব মোৰ লক্ষ্য।’

উল্লেখ্য যে, কাইলৈ পুৱা ১১ বজাত লাভলীনা পুনৰ উভতি যাব দিল্লীলৈ। প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণ মৰ্মে দিল্লীত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ ল’ব লাভলীনাই।

১৭ আগষ্টত দিল্লীৰ পৰা বৰপথাৰৰ আপোন ঘৰলৈ আহিব লাভলীনা বৰগোহাঁই।

Leave a Comment