গো সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে সৰৱ অখিলঃ মুছলমানৰ প্ৰতি প্ৰতিশোধ ল’বলৈ অনা হৈছে এই বিধেয়ক…

পুনৰ গো সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

অসম বিধানসভা মজিয়াত দাখিল কৰা অসম গো সুৰক্ষা বিধেযক শুকুৰবাৰে গৃহীত হ’ব সদনৰ মজিয়াত।

বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য অখিল গগৈৰ।

অখিল গগৈৰ দাবী- গো সুৰক্ষা বিধেয়ক এখন প্ৰতিশোধমূলক বিধেয়ক। মুছলমান-খ্ৰীষ্টানসকলক হাৰাশাস্তি কৰিবৰ বাবে এই বিধেয়ক উত্থাপন কৰা হৈছে।

উল্লেখযোগ্য যে এই বিধেয়কত পশুধন খোৱাত কোনো নিষেধ নাই কিন্তু গৰু বিক্ৰীৰ বাবে ১৪ বছৰ বয়স হ’ব লাগিব৷ তেতিয়াহে খাদ্যৰ বাবে উপযোগী ঘোষণা৷ একেদৰে দুৰ্ঘটনাগ্ৰস্ত গৰু খাদ্য ৰূপে ব্যৱহাৰ কৰাৰ উপযোগী বুলি নিৰ্ধাৰণ৷

বিধেয়কত উল্লেখ থকা অনুসৰি, য’ত গৰু কাটিব পাৰিব সেই স্থান মন্দিৰ, নামঘৰ, সত্ৰৰ পৰা ৫ কিঃমিঃ দূৰত্বত থাকিব লাগিব।

অখিল গগৈৰ দাবী- এনেকুৱা স্থান অসমত নাইয়েই, য’ত নাই কোনো ধৰ্মীয় অনুষ্ঠান৷

অখিল গগৈয়ে কয়- গৰু পোহাটো লাহে লাহে হাতী পোহাৰ দৰে হ’ব।

অখিল গগৈয়ে কয়- হিন্দুত্ববাদী বাবে, দিল্লীৰ বাবে, আৰ এছ এছৰ নয়নৰ মণি তথা নাগপুৰৰ গুডবুকত স্থান ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়কখন আনিছে। হিন্দুৰ মাজত মুছলমান আৰু খ্ৰীষ্টানসকলৰ ভুল বুজাবুজি কৰিবলৈ অনা হৈছে এই বিধেয়ক।

লগতে অখিল গগৈয়ে কয়- ‘এই বিধেয়ক গৰু সুৰক্ষা কৰিবলৈ নহয়, বিজেপিৰ ৰাজনীতি সুৰক্ষা কৰিবলৈহে অনা হৈছে। গৰু অসমৰ মানুহৰ এটা বেংকৰ দৰে, এই বিধেয়ক আনি অসমৰ ৰাইজৰ ক্ষতি কৰাৰ পোষকতা কৰিছে। সমগ্ৰ অসমত গৰুৰ বজাৰবোৰ বন্ধ হৈ যাব।

শিৱসাগৰৰ বিধায়কগৰাকীয়ে আৰু কয়- এই বিধেয়কে ৰাজ্যত বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব৷ অসমত চিৰস্থায়ী ভুল বুজা বুজিৰ সৃষ্টি কৰিব৷ লগতে লক্ষ লক্ষ অসমৰ লোকৰ মাজত ধৰ্মীয় মেৰুকৰণ সৃষ্টি হ’ব৷ এনে বিধেয়ক কেতিয়াও গ্ৰহণযোগ্য নহয়৷

একেদৰে এই বিধেয়কৰ জৰিয়তে ধ্বংস কৰিব গ্ৰাম্য অৰ্থনীতি৷ বিধেয়কে অসমৰ গ্ৰাম্য অৰ্থনীতি চুৰমাৰ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য অখিল গগৈৰ।

Leave a Comment