অসমঅসমীয়া

লতাশিল বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ বাসগৃহত চুৰি!

নিউজ ডেস্ক। লতাশিলৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ ঘৰত চোৰে চলালে চাফাই অভিযান।

ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি লৈ গ’ল এলচিডি টিভি, চাইকেলৰ লগতে শতাব্দীয়ে বিভিন্ন প্ৰতিযোগিতাত লাভ কৰা বঁটা।

বাতৰি অনুসৰি, শতাব্দী বিহুৰ অনুষ্ঠানক লৈ ব্যস্ত থকাৰ সময়ত তেওঁৰ পিতৃ আৰু ভাতৃও গুৱাহাটীলৈ আহিছিল।

G2 25

এই সুযোগতে শতাব্দীৰ যোৰহাটৰ তৰাজান শংকৰদেৱ নগৰস্থিত বাসগৃহত চোৰে প্ৰৱেশ কৰি বিভিন্ন সা-সামগ্ৰী লুটি লৈ যায়।

পিছত পৰিয়ালটো ঘৰত উপস্থিত হোৱাৰ পিছতহে এই চুৰিকাণ্ডৰ বিষয়ে জানিব পাৰে।

p1 25

ইতিমধ্যে এই চুৰিকাণ্ড সন্দৰ্ভত শতাব্দী কলিতাৰ পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও এতিয়াও ধৰা পৰা নাই চোৰ।

p2 12

উল্লেখ্য যে, একেদিনাই যোৰহাটৰ ন আলিস্থিত শতাব্দীৰ বৰদেউতাকৰ ভাড়াঘৰতো চোৰে প্ৰৱেশ কৰি কে’বালাখ টকাৰ সোণ সহ নগদ ধন চুৰি কৰা বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

অহা ২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

G3 21

Leave a Reply

Your email address will not be published. Required fields are marked *