অসম

‘গেলা মজা মানুহ আছিল!’ বিহু মঞ্চত আৱেগিক হৈ পৰিল জুবিন গাৰ্গ…

নিউজ ডেস্ক। অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে দুঃখবৰ।

বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা জ্ঞানেদ্ৰ পল্লৱ বৰুৱাই।

জানিব পৰা অনুসৰি দীৰ্ঘদিন ধৰি লিভাৰৰ সমস্যাত ভুগি আছিল অভিনেতাজন।

গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত নিজা বাসগৃহত মৃত্যু হয় জনপ্ৰিয় আৰ জে মেঘাৰ স্বামী বৰুৱাৰ।

image 36

উল্লেখ্য যে, জ্ঞানেন্দ্ৰ পল্লৱ বৰুৱাই জনপ্ৰিয় অসমীয়া ছবি ‘মন যায়’, ‘মি এণ্ড মাই ছিষ্টাৰ’ৰ লগতে আন কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল।

ইয়াৰ উপৰি তেওঁ জুবিন গাৰ্গ, নৱদীপ বৰগোঁহাইৰ সৈতে জনপ্ৰিয় অসমীয়া ধাৰাবাহিক ‘অনুৰাধা’তো অভিনয় কৰিছিল।

‘মি এণ্ড মাই ছিষ্টাৰ’ৰ বাবে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।

অভিনেতা জ্ঞানেন্দ্ৰ পল্লৱ বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।

বিহুমঞ্চত জুবিন কয়, ‘আজি মোৰ মনতো বৰ ভাল নহয়। মোৰ লগত এজন ঢুকালে। ‘মন যায়’ মোৰ সৈতে অভিনয় কৰা জিতু, সি ঢুকালে আজি। সি চিনেমাৰ এজন সহকৰ্মী আছিল। জিতুক শ্ৰদ্ধাঞ্জলি জনাইছোঁ।’

‘জিতুক মই গেলা বুলি মাতো। কলেজত তাৰ নাম আছিল গেলা। মজা মানুহ আছিল। অনুৰাধা ছবিতো সি অভিনয় কৰিছিল, আৰু বহুত কাম কৰিছে সি। কালি ৰাতি ঢুকালে। সেইকাৰণে মোৰ মনতো ভাল নহয়।’-জুবিন গাৰ্গ।

লগতে চাওকঃ

অহা ২ মে’ত আছিল বৃদ্ধিৰ বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ

G3 21

Leave a Reply

Your email address will not be published. Required fields are marked *