অসমঅসমীয়া

ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰা অম্লান বৰগোঁহাইৰ লক্ষ্য অলিম্পিক

নিউজ ডেস্ক। ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি অসমবাসীক গৌৰৱান্বিত কৰা অম্লান বৰগােঁহাইৰ পৰৱৰ্তী লক্ষ্য অলিম্পিক।

উল্লেখ্য যে ২੦.৫২ ছেকেণ্ডত ২੦੦ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়া অসমৰ অম্লান শেহতীয়াকৈ ভাৰতীয় ক্রীড়া ক্ষেত্ৰত এক চৰ্চিত নাম হৈ পৰিছে।

p1 23

কেৰালাৰ কালিকটত অনুষ্ঠিত হোৱা ২৫ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ এথলেটিকছ প্রতিযোগিতাত অসমৰ অম্লান বৰগোহাঁয়ে গঢ়িছিল এই ৰাষ্ট্ৰীয় অভিলেখ, অৰ্জন কৰিছিল সােণৰ পদক।

G3 19

ইয়াৰ লগতে এছিয়ান গেমছলৈ খেলুৱৈগৰাকীয়ে অৰ্জন কৰিছিল যোগ্যতা।

এই বিৰল উপলব্ধিৰ বাবে বৃহস্পতিবাৰে অসম এথলেটিকছ সন্থাই খেলুৱৈগৰাকীক সৰুসজাই ক্রীড়া প্রকল্পত সম্বর্ধনা জ্ঞাপন কৰে।

নিজৰ চমু ভাষণত অম্লানে কয় যে সন্মুখত যদিও এছিয়ান গেমছ, কিন্তু মোৰ সপোন অলিম্পিক।

তেওঁ কয় যে খেলিম বুলি আগবাঢ়ি আহিবলৈ এটা দৃঢ় মন লাগিব, কাৰণ সকলো ক্ষেত্ৰতে নোৱাৰোঁ বুলি কোনো শব্দ নাই, গতিকে চেষ্টা কৰিলে খেলুৱৈ জীৱনত সফল হোৱাটো অতিকৈ সহজ।

উক্ত অনুষ্ঠানত অম্লানৰ প্ৰশিক্ষক নিপন দাসকো অসম এথলেটিকছ সন্থাই সম্বর্ধনা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *