অসমঅসমীয়া

কালী মন্দিৰৰ চৌহদত থকা প্ৰকাণ্ড গছত খুন্দিয়াই বিধ্বস্ত ট্ৰাক, প্ৰাণৰক্ষা চালকৰ

নিউজ ডেস্ক। শিৱসাগৰ জিলাৰ ডিমৌৰ চকলীয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই এখন ১২ চকীয়া ট্ৰাকে খুন্দা মাৰে কালী মন্দিৰৰ এডাল প্ৰকাণ্ড গছত।

জানিব পৰা মতে, দেওবাৰে পুৱা এএছ ০৩বিচি ০৯৯৯ নম্বৰৰ এখন আলকাতৰা কঢ়িওৱা ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ডিমৌ চকলীয়াৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা প্ৰাচীন কালী মন্দিৰ আগুৰি থকা এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে।

photo 2022 03 14 11 46 34

এই দুৰ্ঘটনাত ট্ৰাকখনৰ চালক সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয় যদিও সৌভাগ্যক্ৰমে জীৱন ৰক্ষা পৰে। কিন্তু ট্ৰাকখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

ইফালে কালী মন্দিৰৰ সন্মুখৰ বৃহৎ গছজোপাৰ বাবেই ৰক্ষা কৰে ঐতিহ্যমণ্ডিত কালী মন্দিৰটো।

উল্লেখ্য যে, স্থানীয় নিৱাসীৰ বিশ্বাস অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এই কালী মন্দিৰটোৰ অনেক মাহাত্ম্য আছে।

ভক্তিভাৱেৰে মন্দিৰত পূজা-অৰ্চনা কৰিলে ভক্তৰ মনোকামনা পূৰণ হয় বুলিও বিশ্বাস কৰে স্থানীয় লোকে।

আনহাতে মন্দিৰৰ বাহিৰত থকা এই প্ৰায় কুৰি বছৰ পুৰণি বিশাল গছজোপাই মন্দিৰ চৌহদৰ শুৱনি বৃদ্ধি কৰাৰ লগতে ভক্তৰ বাবে জিৰণি স্থল হৈ আহিছে।

লগতে চাওকঃ

৩ বছৰীয়া প্ৰেম, ৪ বছৰীয়া বৈবাহিক জীৱনৰ কৰুণ পৰিসমাপ্তি! আৰক্ষী স্বামীৰ বন্দুকৰ গুলীত মৃত্যু গৰ্ভৱতী পত্নীৰ

G2 21

Leave a Reply

Your email address will not be published. Required fields are marked *