লক্ষ্য ২੦২৪! তেলেংগানাৰ মুখ্যমন্ত্রী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক লুৰীণজ্যোতিৰ

নিউজ ডেস্ক। লক্ষ্য ২੦২৪!

বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে মিলিত হৈছে দেশৰ বিভিন্ন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলসমূহ।

বিজেপি বিৰোধী এই দলসমূহক একেখন মঞ্চত থিয় কৰোৱাৰ লক্ষ্যৰে বুধবাৰে নতুন দিল্লীত তেলেংগানাৰ মুখ্যমন্ত্রীকে চন্দ্ৰশেখৰ ৰাও আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ সৈতে বৈঠকত মিলিত হ’ল অসম জাতীয় পৰিষদ (অজাপ)ৰ মুৰব্বী লুৰীণজ্যোতি গগৈ।

G6
লক্ষ্য ২੦২৪! তেলেংগানাৰ মুখ্যমন্ত্রী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক লুৰীণজ্যোতিৰ 2

প্ৰায় আঢ়ৈ ঘণ্টাজোৰা এক বৈঠকত মূলতঃ আঞ্চলিক ৰাজনীতিৰে জড়িত দলবোৰক লৈ বিজেপিৰ বিৰুদ্ধে এক তৃতীয় বিকল্প গঠন কৰিব পাৰি নেকি তাক লৈ আলোচনা হৈছে।

অজাপৰ সভাপতিগৰাকীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে দুই প্ৰাক্তন মুখ্যমন্ত্ৰীক অৱগত কৰে।

লগতে নাগৰিকত্ব সংশোধনী আইন আৰু অসমৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যা সম্পর্কে আলোচনা কৰে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে ভাৰতবৰ্ষৰ আঞ্চলিক দলসমূহৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সদায় আছে আৰু থাকিব। সেয়েহে আঞ্চলিক শক্তিসমূহৰ সমন্বয়ৰ প্ৰয়োজন।

আঞ্চলিক দলসমূহৰ মাজত সমন্বয় স্থাপন কৰাটো এতিয়া সময়ৰ আহ্বান।