এক শোকাৱহ ঘটনা।
খাদ্যৰ অভাৱত মৃত্যুৰ সৈতে যুঁজিছে আঘাতপ্ৰাপ্ত বন্যহস্তীয়ে।
হোজাইৰ হায়াইপুৰত সংঘটিত হৈছে এই কৰুণ ঘটনা।
আঘাতপ্ৰাপ্ত হাতীটোক বন বিভাগে চিকিৎসা আগবঢ়াইছে যদিও খাদ্যৰ অভাৱত সুস্থ হৈ উঠাৰ বিপৰীতে অৱনতিহে ঘটিছে।
স্থানীয় ৰাইজে খাদ্যৰ যোগান ধৰিছে যদিও সংকটজনক অৱস্থাতে আছে হাতীটো।
ঘটনাস্থলীত চিকিৎসকৰ দল উপস্থিত হয় যদিও হাতীটোৰ ছটফটনিত চিকিৎসা প্ৰদানৰ পৰা বিৰত থাকে।









