লকাডাউনৰ সময়ত অধ্যয়ন! প্ৰথম প্ৰচেষ্টাতে APSCত সফলতা অৰ্জন কৰা প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ল বিৰ্ডি বড়ো…

নিউজ ডেস্কঃ সদ্যঘোষিত অসম লোকসেৱা আয়োগ ২০২০ৰ পৰীক্ষাত সফলতা অৰ্জন কৰি এই পৰীক্ষা উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে পৰিগণিত গৈছে অসমৰ টেবুল টেনিছ খেলুৱৈ বিৰ্ডি বড়ো।

সমান্তৰালভাৱে আন্তঃৰাষ্ট্ৰীয় এথলিট হিমা দাস, লাভলীনা বৰগোহাঁঞি আৰু নয়নমণি শইকীয়াৰ পিছত ডিএছপি পদত অধিষ্ঠিত হোৱা চতুৰ্থগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপেও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে বিৰ্ডি বড়োৱে।

photo1666519556
লকাডাউনৰ সময়ত অধ্যয়ন! প্ৰথম প্ৰচেষ্টাতে APSCত সফলতা অৰ্জন কৰা প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ল বিৰ্ডি বড়ো… 5

উল্লেখ্য যে, সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত তেওঁ ৬৬ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, অসম সন্তান বিৰ্ডি বড়োৱে ৰাজস্থানৰ আজমেৰস্থিত মেয়ৰ স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পিছত পেট্ৰ’লিয়াম স্পৰ্টছ প্ৰমোচন ব’ৰ্ডৰ টেবুল টেনিছ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে।

photo1666519566
লকাডাউনৰ সময়ত অধ্যয়ন! প্ৰথম প্ৰচেষ্টাতে APSCত সফলতা অৰ্জন কৰা প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ল বিৰ্ডি বড়ো… 6

সমান্তৰালভাৱে তেওঁ নতুন দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতক ডিগ্ৰীও সম্পন্ন কৰে।

টেবুল টেনিছত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈ গৰাকীয়ে কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰাৰ পূৰ্বে জাৰ্মানীত টেবুল টেনিছৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল বিৰ্ডি বড়োৱে।

photo1666519572
লকাডাউনৰ সময়ত অধ্যয়ন! প্ৰথম প্ৰচেষ্টাতে APSCত সফলতা অৰ্জন কৰা প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ল বিৰ্ডি বড়ো… 7

ইফালে কোভিড মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বতে ক্ৰীড়াৰ কাৰ্যকলাপ বন্ধ হৈ পৰাত বিৰ্ডিয়ে অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলায়।

photo1666519600
লকাডাউনৰ সময়ত অধ্যয়ন! প্ৰথম প্ৰচেষ্টাতে APSCত সফলতা অৰ্জন কৰা প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ল বিৰ্ডি বড়ো… 8

লকডাউনৰ সময়তে অধ্যয়ন কৰি প্ৰথম প্ৰচেষ্টাতে এপিএছচিত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ গৰাকীয়ে।