চাহ বাগিচাত পুনৰ অঘটন! চাহপাত কটা চিটিচি মেচিনত সোমাই ভৰি ছিগিল চাহ শ্ৰমিকৰ…

চাহ বাগিচাত পুনৰ অঘটন

চাহপাত কটা চিটিচি মেচিনত সোমাই বাঁওভৰি ছিগিল চাহ শ্ৰমিকৰ।

বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত সংঘটিত হৈছে এই অঘটন।

চাহ শ্ৰমিকজনৰ নাম ফাতেমাবাদ সুকদেউ লাইনৰ চুলেমান কেৰকাটা।

সংকটজনক অৱস্থাত চাহ শ্ৰমিকগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ।

ঘটনাস্থলীত বাঁহবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও চাহ বাগানৰ পাত কটা মেচিনত লাগি বহু শ্ৰমিকে হেৰুৱাইছে নিজৰ শৰীৰ একোটি অংশ।