যুৱতীৰ নামত অশ্লীল ভিডিঅ’ কল কৰি ৫৫ জনৰো অধিক লোকক ব্লেক মেইল! অৱশেষত আৰক্ষীৰ জালত ৩ কলেজীয়া ছাত্ৰ…

নিউজ ডেস্কঃ যুৱতীৰ নামত ভুৱা আইডি বনাই ৫৫ জন লোকৰ পৰা ১ কোটিৰো অধিক টকা প্ৰতাৰণা কৰা এটা চক্ৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৰাজস্থান আৰক্ষীয়ে।

যুৱতীৰ নামত আইডি প্ৰস্তুত কৰি বিভিন্ন জনলৈ অশ্লীল ভিডিঅ’ কল কৰি পিছত ব্লেক মেইলিং কৰা এই চক্ৰটোৰ ৩ অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত অভিযুক্ত আটাইকেইজনেই কলেজীয়া ছাত্ৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

জানিব পৰা মতে, ৰাজস্থানৰ ডুংগৰপুৰৰ চাইবাৰ আৰক্ষী থানাই শেহতীয়াকৈ এটা অভিযোগ লাভ কৰিছিল।

অভিযোগকাৰীয়ে অভিযোগ কৰা মতে, তেওঁৰ নম্বৰলৈ এটা নম্বৰৰ পৰা প্ৰথমে ফোন আহিছিল। তাৰ পিছতে তেওঁলৈ অশ্লীল ভিডিঅ’ কৰি সেই ভিডিঅ’ দেখুৱাই ধন দাবী কৰে চক্ৰটোৱে।

সমাজত লজ্জিত হোৱাৰ ভয়ত অভিযোগকাৰীয়ে চক্ৰটোক ২ লাখ, ৮৮ হাজাৰ ৫০০ টকা প্ৰদান কৰিছিল যদিও তাৰ পিছতো চক্ৰটোৱে তেওঁক ব্লেকমেইল কৰি থকাত অৱশেষত আৰক্ষীৰ সহায় লয়।

আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিতে অভিযান চলাই প্ৰতাপগড়ৰ নিৱাসী ১৯ বৰ্ষীয় কুলদ্বীপ শৰ্মা, প্ৰতাপগড় মালৱাড়াৰ কুণ্ডন মেঘৱাল আৰু আলৱাৰৰ গোবিন্দগড়ৰ হাবিব খান (২০) নামৰ অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰে।

kuld
যুৱতীৰ নামত অশ্লীল ভিডিঅ’ কল কৰি ৫৫ জনৰো অধিক লোকক ব্লেক মেইল! অৱশেষত আৰক্ষীৰ জালত ৩ কলেজীয়া ছাত্ৰ… 2

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ধৃত অভিযুক্ত কুলদ্বীপ প্ৰতাপগড়ৰ এখন চৰকাৰী বিদ্যালয়ৰ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰ। কুণ্ডনো একেখন মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষত অধ্যয়নৰত।

আনহাতে এই সমগ্ৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড ২০ বৰ্ষীয় হাবিব বিএছচি তৃতীয় বৰ্ষৰ ছাত্ৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

চাইবাৰ ষ্টেচনৰ বিষয়া ৰাকেশ কটাৰাই জনোৱা মতে, এই চক্ৰটোৱে ৰাজস্থানৰ উপৰিও উত্তৰ প্ৰদেশ, বিহাৰ, দিল্লী, পশ্চিমবংগ আদি বিভিন্ন ৰাজ্যৰ ব্যক্তিক এনেদৰে যুৱতীৰ ভুৱা আইডিৰে অশ্লীল ভিডিঅ’ কৰি ব্লেক মেইলিং কৰি ধন সংগ্ৰহ কৰি আহিছিল।

এই চক্ৰটোৰে জড়িত আন কেইবাজনৰো সন্ধানত আৰক্ষীয়ে তালাচী অভিযান চলাই আছে।

প্ৰণিধানযোগ্য যে, শেহতীয়াকৈ অসমতো সংঘটিত হৈছে এনে প্ৰতাৰণাৰ কেইবাটাও ঘটনা। হোৱাটছএপত যুৱতীৰ নামত ভিডিঅ’ কল কৰি পিছত সেই ভিডিঅ’ দেখুৱাই বহু লোকৰ পৰা ধন সংগ্ৰহ কৰি আহিছে এই দুষ্ট চক্ৰই।

আনহাতে সমাজত মুখ উলিয়াব নোৱাৰাৰ ভয়ত এই দুষ্ট চক্ৰৰ জালত পৰি লাখ লাখ টকা হেৰুৱাবলগীয়া হৈছে বহু কেইজনে।