অসমীয়াৰাষ্ট্ৰীয়

মৃত্যুৰ পিছতো অমৰ হৈ ৰ’ল আনমোল! এনেদৰে জীৱন দি গ’ল বহুজনক…

নিউজ ডেস্কঃ নিজৰ জীৱন দি আন ৮ জনক জীৱন দি গ’ল আনমোলে। মৃত্যুৰ পিছতো সেয়ে এতিয়া আনমোল হৈ পৰিছে অনেকৰ পৰিচিত নাম।

উল্লেখ্য যে, যোৱা ১৭ ছেপ্তেম্বৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈছিল মধ্যপ্ৰদেশৰ ভূপালৰ সোহাগপুৰৰ নিৱাসী ক্ৰিকেটাৰ তথা এমবিএৰ ছাত্ৰ ২৩ বৰ্ষীয় আনমোল জৈন।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আনমোলক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰা হয় যদিও দীৰ্ঘদিন চিকিৎসাধীন হৈ থকাৰ পিছত যুৱকজনক ব্ৰেইন ডেড ঘোষণা কৰে চিকিৎসকে।

image 200

আনমোলৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰে পৰিয়ালক। ইশ্বৰৰ ওচৰত পুত্ৰৰ জীৱনৰ বাবে প্ৰাৰ্থনা জনাই জনাই ভাগৰি পৰা পিতৃ-মাতৃয়ে এক্ষন্তেকৰ বাবে যেন হেৰুৱাই পেলায় তেওঁলোকৰ চেতনা।

কিন্তু তাৰ পিছতে এক কঠিন সিদ্ধান্ত লয় পৰিয়ালে। ২৩ বৰ্ষীয় আনমোলৰ শৰীৰৰ অংগ দান কৰি আনক জীৱন দিয়াৰ এক মহৎ সিদ্ধান্ত গ্ৰহণ কৰে পিতৃ-মাতৃ আৰু পৰিয়ালে।

ইয়াৰ পিছতে যুৱকজনৰ অংগসমূহ অতি প্ৰয়োজনীয় ৰোগীক দান কৰা হয়।

image 201

পৰিয়ালৰ সন্মতিৰ পিছতে ২৭ নৱেম্বৰত চিকিৎসকে আনমোলৰ বৃক্ক, হাওঁফাওঁৰ দৰে অংগসমূহ সংৰোপণৰ বাবে বাহিৰ কৰে।

জানিব পৰা মতে, আনমোলৰ দেহৰ অংগ সেউজ কৰিড’ৰ নিৰ্মাণ কৰি ভূপালৰ লগতে আহমেদাবাদকে ধৰি বিভিন্ন ঠাইৰ ৰোগীৰ বাবে নিৰাপদে প্ৰেৰণ কৰা হৈছে।

এজন যুৱকে মৃত্যুৰ পিছতো আন বহুজনক জীৱন দান দিয়া কাৰ্যই এতিয়া দুচকু সেমেকাই তুলিছে অনেকৰ।

আনমোলৰ লগতে তেওঁৰ পিতৃ-মাতৃকো প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে।