যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা স্বদেশলৈ উভতিল ৪৬৯ গৰাকী ভাৰতীয় শিক্ষাৰ্থী…

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা সুকলমে স্বদেশলৈ উভতিল ৪৬৯ গৰাকী ভাৰতীয় শিক্ষাৰ্থী।

এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১৯৪৩ ৰ জৰিয়তে ২১৯ জন ভাৰতীয় শিক্ষাৰ্থীক স্বদেশলৈ ঘূৰাই অহা হৈছে।

নিশা ৮ বজাত মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে।

Image

এই বিমানখনে আবেলি ৰোমানিয়াৰ বুখাৰেষ্টৰ পৰা উৰা মাৰিছিল। স্বদেশলৈ ঘূৰি অহা এই শিক্ষাৰ্থীসকলৰ বাবে মুম্বাইৰ বিমানবন্দৰত এটা বিশেষ কৰিডৰ নিৰ্মাণ কৰা হৈছিল।

আনহাতে, ৰোমানিয়াৰ বুখাৰেষ্টৰ পৰা ২৫০ জন শিক্ষাৰ্থীৰ সৈতে এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানে নিশা ৯.৩০ বজাত নতুন দিল্লীলৈ উৰা মাৰে।

Image

এই বিমানখনদেওবাৰে পুৱা নতুন দিল্লী বিমানবন্দৰত অৱতৰণ কৰে।

এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ‘অপাৰেচন গংগা’ৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক ঘূৰাই অনাৰ অভিযান অব্যাহত থাকিব।

Leave a Comment