ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধঃ আবদ্ধ লোকক সহায়ৰ বাবে গুৱাহাটীত মুকলি হেল্পলাইন নম্বৰ…

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ আজি চতুৰ্থ দিন।

ইউক্ৰেইনত আবদ্ধ লোকক সহায়ৰ বাবে কামৰূপ মহানগৰ প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

কামৰূপ মহানগৰ প্ৰশাসনে মুকলি কৰিছে হেল্পলাইন নম্বৰ।

কামৰূপ মহানগৰ অথবা গুৱাহাটীৰ কোনো লোক ইউক্ৰেইনত আবদ্ধ হৈ থকাৰ বিষয়ে জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰক অৱগত কৰিবলৈ অনুৰোধ জনাইছে জিলা প্ৰশাসনে।

এই সংক্রান্তত মুকলি কৰা হৈছে এটা ফোন নম্বৰ।

এই সম্পৰ্তে টোল ফ্রী নম্বৰ ১০৭৭ নম্বৰত ফোন কৰিব পাৰিব।

অথবা ৯৩৬৫৪২৯৩১৪ নম্বৰত থকা হোৱাটচআপৰ জৰিয়তে প্ৰশাসনক অৱগত কৰিব পাৰিব।

Leave a Comment