যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা কিয় উভতি আহিব বিচৰা নাই হাৰিয়ানাৰ নেহাই? কাৰণ জানিলে আপুনিও হৈ পৰিব আবেগিক

নিউজ ডেস্ক। ইউক্ৰেইনত এতিয়া বিভীষিকা!

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা এতিয়া সকলোৱে দূৰলৈ যাবলৈ বিচাৰিছে। ৰাষ্ট্ৰখনত আবদ্ধ হৈ আছে কেইবা সস্ৰাধিক ভাৰতীয়। তাৰে অধিকাংশই শিক্ষাৰ্থী।

ইউক্ৰেইনৰ বৰ্তমানৰ ভয়াবহ পৰিস্থিতিৰ বাবে ভাৰত চৰকাৰে ৰাষ্ট্ৰখনত আবদ্ধ ভাৰতীয়সকলক স্বদেশলৈ উভতাই আনিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।

তাত আৱদ্ধ বহু শিক্ষাৰ্থীয়েও সামাজিক মাধ্যমযোগে উদ্ধাৰৰ আহ্বান জনাইছে চৰকাৰক।

ৰাষ্ট্ৰখনৰ এনে বিভীষিকাময় পৰিবেশৰ মাজতো এনে এগৰাকী ভাৰতীয় শিক্ষাৰ্থী আছে, যিয়ে দেশ এৰাৰ সুযোগ লাভ কৰিও ইউক্ৰেইন এৰিব বিচৰা নাই।

সেই ভাৰতীয় শিক্ষাৰ্থী গৰাকীয়েই হৈছে নেহা।

p8 1
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা কিয় উভতি আহিব বিচৰা নাই হাৰিয়ানাৰ নেহাই? কাৰণ জানিলে আপুনিও হৈ পৰিব আবেগিক 6

ইউক্ৰেইনত মেডিকেল কলেজত যোৱা বছৰত নামভৰ্তি কৰা ১৭ বছৰীয়া নেহাই এনে ভয়ংকৰ পৰিস্থিতিৰ পিছতো কিয় ইউক্ৰেইন এৰিব বিচৰা নাই, তাৰ কাৰণ জানিলে আপুনিও আবেগিক হৈ পৰিব।

বাতৰি অনুসৰি, হাৰিয়ানাৰ চাৰ্খি দাদৰী জিলাৰ বাসিন্দা নেহাই যুদ্ধবিধ্বস্ত ইউক্ৰেইন এৰিব নিবিচৰাৰ কাৰণ হৈছে এগৰাকী মহিলা আৰু তেওঁৰ তিনিটি সন্তান।

দৰাচলতে বৰ্তমান পৰিস্থিতিত ইউক্ৰেইনৰ প্ৰতিজন সবল ব্যক্তিয়েই দেশৰ হৈ ৰাছিয়াৰ বিৰুদ্ধে সদম্ভে থিয় দিছে। যুদ্ধলৈ বুলি ওলাই যোৱা দেশখনৰ অনেক নাগৰিকেই দেশৰ বাবে বলিদান দিছে।

p10
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা কিয় উভতি আহিব বিচৰা নাই হাৰিয়ানাৰ নেহাই? কাৰণ জানিলে আপুনিও হৈ পৰিব আবেগিক 7

ইউক্ৰেইনত মেডিকেল শিক্ষা গ্ৰহণ কৰি থকা নেহাই ৰাজধানী কিয়েভৰ যিটো পৰিয়ালত ভাড়াতীয়া হিচাপে আছে, সেই ঘৰখনৰ একমাত্ৰ পুৰুষজনেও এতিয়া দেশৰ হকে ওলাই গৈছে যুদ্ধলৈ।

পেছাত এগৰাকী অভিযন্তা ইউক্ৰেইনৰ নাগৰিকজনে ঘৰত এৰি থৈ গৈছে পত্নী আৰু তিনিটিকৈ সন্তানক।

সেই বাবেই এনে এক কঠিন পৰিস্থিতিত তিনিটাকৈ সন্তানৰ সৈতে মহিলা গৰাকীক অকলে এৰি থৈ আহিব বিচৰা নাই নেহাই। তেওঁ মাতৃক ফোনযোগে এই কথা জনাইছে।

p9 1
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা কিয় উভতি আহিব বিচৰা নাই হাৰিয়ানাৰ নেহাই? কাৰণ জানিলে আপুনিও হৈ পৰিব আবেগিক 8

বৰ্তমান মহিলাগৰাকী আৰু কণ কণ শিশু কেইটাৰ সতে এটা বাংকাৰত আৱদ্ধ হৈ থকা নেহাই পণ লৈছে জীৱনৰ বলিদান দি হলেও মহিলাগৰাকী আৰু ল’ৰা-ছোৱালীকেইটাক ৰক্ষা কৰাৰ।

এগৰাকী ভাৰতীয় সেনা জোৱানৰ সাহসী কন্যা নেহাই মাতৃক ফোনতেই কৈছে- “মই জীয়াই থাকোঁ বা নাথাকো, কিন্তু মই এই শিশুকেইটিৰ সৈতে তেওঁলোকৰ মাতৃক এনে পৰিস্থিতিত এৰি নিদিওঁ।”

বাতৰি অনুসৰি, ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতিত নেহাই আন আন ভাৰতীয় শিক্ষাৰ্থী সকলৰ সৈতে স্বদেশলৈ উভতাৰ সুযোগ লাভ কৰিছিল। কিন্তু তেওঁ ইউক্ৰেইন এৰি থৈ আহিব বিচৰা নাই।

সাহসী ভাৰতীয় শিক্ষাৰ্থীগৰাকীয়ে এগৰাকী অকলশৰীয়া মহিলাৰ প্ৰতি দেখুওৱা মানৱীয়তাই এতিয়া আবেগিক কৰি তুলিছে সকলোকে। সামাজিক মাধ্যমতো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে নেহাৰ এই কাহিনী।

লগতে চাওকঃ

ৰাছিয়াই ধ্বংস কৰিলে বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 ম্ৰিয়া…

G7 19
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা কিয় উভতি আহিব বিচৰা নাই হাৰিয়ানাৰ নেহাই? কাৰণ জানিলে আপুনিও হৈ পৰিব আবেগিক 9

জীৱিত মহিলাক মৃত ঘোষণা! মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে চিকিৎসকে…

G1 31
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা কিয় উভতি আহিব বিচৰা নাই হাৰিয়ানাৰ নেহাই? কাৰণ জানিলে আপুনিও হৈ পৰিব আবেগিক 10

Leave a Comment