একেলগে ডাঙৰ-দীঘল হোৱা ৫ অভিন্ন বন্ধুৰ মৃত্যুও ঘটিল একেলগে…

নিউজ ডেস্ক। একেলগে ডাঙৰ দীঘল হোৱা ৫ গৰাকী অভিন্ন বন্ধুৱে মৃত্যুৰ শীতল কোলাতো শুই পৰিল একেলগে!

এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৫ নলেগলে লগা বন্ধুৰ মৃত্যুৱে শোকৰ বন্যা নমাইছে উত্তৰপ্ৰদেশৰ বান্দাত।

p7 2
একেলগে ডাঙৰ-দীঘল হোৱা ৫ অভিন্ন বন্ধুৰ মৃত্যুও ঘটিল একেলগে… 7

মূলতঃ বান্দাৰ পুৰণি বজাৰৰ কাজিয়ানা মহল্লাৰ বাসিন্দা যুৱক কেইজনে এখন বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ গৈ থকা সময়তে দুৰ্ঘটনাত পতিত হয় আৰু ৫ জনকৈ বন্ধুৱে একেলগে প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাত আন এজন যুৱক আহত হয়।

p5 4
একেলগে ডাঙৰ-দীঘল হোৱা ৫ অভিন্ন বন্ধুৰ মৃত্যুও ঘটিল একেলগে… 8

জানিব পৰা মতে, কাজিয়ানা মহল্লাৰ বাসিন্দা আফতাবৰ বিয়াৰ গাড়ীত ওৰাইলৈ গৈ আছিল ৫ বন্ধু। দুৰ্ঘটনাটোত আলতামাছ, চামছুল আৰু গুফ্ৰানকে ধৰি ৫ জন যুৱকৰ মৃত্যু ঘটে। এজন আহত হৈছিল।

স্থানীয় নিবাসীয়ে জানিবলৈ দিয়া মতে, মৃত্যু হোৱা সকলো যুৱক ঘনিষ্ঠ বন্ধু আছিল। তেওঁলোকে প্ৰায়ে একেলগে যিকোনো অনুষ্ঠানলৈ গৈছিল।

p4 6
একেলগে ডাঙৰ-দীঘল হোৱা ৫ অভিন্ন বন্ধুৰ মৃত্যুও ঘটিল একেলগে… 9

শনিবাৰে সংঘটিত দুৰ্ঘটনাৰ পিছতে এতিয়া সকলোৱে আলোচনা কৰিছে যুৱক কেইজনৰ অভিন্ন বন্ধুত্বৰ কথা। শৈশৱৰ পৰা একেলগে ডাঙৰ দীঘল ৫ বন্ধুৰ পৰিয়াল পৰৱৰ্তী সময়ত বেলেগ বেলেগ ঠাইত থাকিব ল’লেও তেওঁলোকৰ বন্ধুত্বত কোনো প্ৰভাৱ পৰা নাছিল। প্ৰায়ে একলগ হৈ আনন্দ স্ফূৰ্তি কৰিছিল যুৱক কেইজনে।

p6 1
একেলগে ডাঙৰ-দীঘল হোৱা ৫ অভিন্ন বন্ধুৰ মৃত্যুও ঘটিল একেলগে… 10

জানিব পৰা মতে, দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা গুফ্ৰান আৰু চামছুল হাছমীৰ পৰিয়াল বৰ্তমান কাৰ্ভিৰ ভৈৰোঁ পাগা মহল্লাত বাস কৰে। চামছুলে বান্দাত পেৰা-মেডিকেল অধ্যয়ন কৰি আছিল। সম্পৰ্কত দৰা আফটাবৰ ভতিজা হয় চামছুল।

ইফালে আফটাবৰ বিয়াক লৈ ব্যস্ত থকা ৫ অভিন্ন বন্ধুৰ পৰিয়ালক যুৱককেইজনৰ মৃত্যুৰ খবৰ দিবলৈ সাহস কৰা নাছিল কোনেও। অঞ্চলটোত তেওঁলোকৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ পিছত বহু পলমকৈহে পৰিয়ালৰ কাণত পৰে।

যুৱক কেইজনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰে পৰিয়াল। পৰৱৰ্তী সময়ত যুৱক কেইজনৰ মৃতদেহ ঘৰলৈ অনা হয় আৰু একেলগে সমাধিস্থ কৰা হয়।

৫ বন্ধুৰ এনে কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটো শোকস্তব্ধ কৰি তুলিছে। একেলগে জীয়াই থাকি একেলগেই মৃত্যুক সাৱটি লোৱা যুৱক কেইজনৰ গভীৰ বন্ধুত্বৰ কথা আজি সকলোৰে মুখে মুখে শুনা গৈছে।

লগতে চাওকঃ

মধুচন্দ্ৰিকা যাপন কৰিবলৈ আহি কৰুণ মৃত্যুক সাৱটিলে বিশাল আৰু নেহাই!

G3 22
একেলগে ডাঙৰ-দীঘল হোৱা ৫ অভিন্ন বন্ধুৰ মৃত্যুও ঘটিল একেলগে… 11

জীৱিত মহিলাক মৃত ঘোষণা! মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে চিকিৎসকে…

G1 31
একেলগে ডাঙৰ-দীঘল হোৱা ৫ অভিন্ন বন্ধুৰ মৃত্যুও ঘটিল একেলগে… 12

Leave a Comment