অসমঅসমীয়া

যাত্ৰীবাহী ৰে’লৰ দবাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চােৰাং বিদেশী চিগাৰেট

নিউজ ডেস্ক। এইবাৰ ৰে’ল আৰক্ষীৰ অভিযানত জব্দ কৰা হ’ল বৃহৎ পৰিমাণৰ চােৰাং বিদেশী চিগাৰেট।

মৰিয়নি ৰে’ল ষ্টেটচনত এখন দূৰণীবটীয়া যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ কৰা হয় এই চিগাৰেট।

জানিব পৰা মতে, ডিব্ৰুগড়ৰ পৰা লালগড় অভিমুখী ১৫৯০৯ নম্বৰ নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছৰ এটা দবাৰ পৰা বৃহস্পতিবাৰে ৰে’লৱে নিৰাপত্তা বাহিনীয়ে জব্দ কৰা বিদেশী চিগাৰেটৰ মূল্য সাত লক্ষাধিক টকা।

a1

জানিব পৰা মতে, অৱধ আছাম এক্সপ্ৰেছৰ ডি-৩ নম্বৰৰ সাধাৰণ শ্ৰেণীৰ দবাটোত ৰে’লখনত ৰে’লৱে নিৰাপত্তা বাহিনীৰ জোৱানে নিয়মীয়া তালাচীৰ সময়ত চাৰিটাকৈ ক’লা ৰঙৰ বেগ প্ৰত্যক্ষ কৰে।

এই বেগ কেইটাৰ গৰাকীক বিচাৰ-খোছাৰ কৰে যদিও দবাটোত থকা কোনো লোকেই বেগকেইটা চমজি নল’লে।

a2

পাছত ৰে’লৱে নিৰাপত্তা বাহিনীৰ জোৱানকেইজনে ততাতৈয়াকৈ মৰিয়নিৰ ৰে’লৱে নিৰাপত্তা বাহিনীৰ আৰক্ষী থানাৰ স’তে যোগাযোগ কৰে।

দুপৰীয়া প্ৰায় ১-৩০ বজাত ৰে’লখন মৰিয়নি ষ্টেচন আহি পায়।

অৱশেষত গৰাকীবিহীন বেগকেইটা মৰিয়নি ৰে’ল ষ্টেচনত নমাই পৰীক্ষা কৰাৰ অন্তত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট ওলাই পৰে।

a3

শাৰী শাৰীকৈ বেগৰ ভিতৰত চিগাৰেটৰ পেকেটসমূহ ভৰাই অনা হৈছিল।

বেগকেইটাত প্ৰায় চাৰিশটা সপেকেটত অনা হৈছিল চিগাৰেটসমূহ। চিগাৰেটৰ পেকেটত কোৰিয়াত প্ৰস্তুত কৰা বুলি লিখা আছে।

কেটিএণ্ডজি ব্ৰেণ্ডৰ চিগাৰেটৰ পেকেটসমূহত ‘মেড ইন কোৰিয়া’ বুলি লিখা থকাৰ লগতে ‘স্পেচিয়েল গ’ল্ড’ আৰু ‘ইএছএছই’ বুলিও উল্লেখ আছে।

পাছত চিগাৰেটসমূহ জব্দ কৰি মৰিয়নিৰ ৰে’ল আৰক্ষীক গতাই দিয়ে।

আবকাৰী শুল্ক ফাকিৰে চিগাৰেটখিনি চোৰাংকৈ সৰবৰাহ কৰা বুলিও ৰে’ল আৰক্ষীয়ে সন্দেহ কৰিছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে কােকৰাঝাৰত ট্ৰাকৰ পৰা জব্দ কৰা হৈছিল বুজন পৰিমাণৰ চােৰাং বিদেশী চিগাৰেট।

লগতে চাওকঃ

শােকাৱহ! ট্ৰেক্টৰৰ খুন্দাত অকালতে মৃত্যু কণমানি ৰিয়াৰ

G3

Leave a Reply

Your email address will not be published. Required fields are marked *