অসম

পীয়ুষ বনাম ভূপেন! পীয়ুষ হাজৰিকাই ক’লে- ‘ভূপেন বৰাৰ নাম দিব পাৰি প্ৰেছমীট বৰা’…

তীব্ৰ বাক্যবান প্ৰক্ষেপনৰ যুঁজ আৰম্ভ হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিজেপি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মাজত।

তুংগত উঠিছে দুয়োগৰাক নেতাৰ বাকযুদ্ধ। আজিয়ো দুয়োগৰাকী নেতাই ইজনে সিজনকলৈ মন্তব্য কৰে।

এই ক্ষেত্ৰত ভূপেন বৰাই কয়- পীযুষ হাজৰিকাৰ দেউতাক আজন্ম কংগ্ৰেছী, দেউতাকৰ মৃতদেহৰ ওপৰতো কংগ্ৰেছৰ পতাকা পাৰি দিয়া হৈছিল, কংগ্ৰেছৰ ৮০% চুৰ-ডকাইট বুলি কৈ পিতৃৰ আত্মাকো আঘাট দিছে পীয়ুষে।

কবিতাৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰখনত সমালোচনাৰে থকা-সৰকা কৰা কংগ্ৰেছৰ সভাপতিগৰাকী এতিয়া বিজেপিৰ প্ৰতিগৰাকী নেতা মন্ত্ৰী বিধায়কৰ বাবেই হৈ পৰিছে আক্ৰমণৰ লক্ষ্য।

ভূপেন বৰাৰ লগতে কংগ্ৰেছ দলক সমালোচনা কৰিবলৈ গৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই কংগ্ৰেছ দলৰ বৰ্তমানৰ ৮০ শতাংশ লোকেই চোৰ-ডকাইত বুলি মন্তব্য কৰিছিল। আৰু তাৰ প্ৰত্যুত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এনেদৰে কয়।

বৰাই লগতে কয় যে- মুখ্যমন্ত্ৰীৰ ভালৰ কাৰণে ৰাজ্যত জ্বলি থকা জুই দেখুৱাই দিছো কবিতাৰ মাধ্যমেৰে। মই ছাত্ৰ অৱস্থাত সাহিত্য চৰ্চা কৰিছিলো। কিন্তু এই কবিতাটোৰ বাবে বহুতে মোক কবি বুলি সম্বোধন কৰিছে, ভাল পাইছো। ৰাজনীতিৰ পাছত কবিতা চৰ্চা পুনৰ আৰম্ভ কৰিম। বৰ্তমান ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কি সকলোৱে জানে। ঋণ লৈ চলিবলগীয়া হৈছে। বেলেগ দলত বিনিয়োগ কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। গতিকে মন্ত্ৰীসকলৰ পুঁজিৰ বাবে ধন ক’ত থাকিব।’

ইফালে, মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়- ‘দহ বছৰ আগৰ আৰু আজিৰ কংগ্ৰেছৰ মাজত আকাশ–পাতাল পাৰ্থক্য আছে। সেই কথা ভূপেন বৰাই অস্বীকাৰ কৰি লাভ নাই। ভূপেন বৰাই য’ত চোৰ ডকাইত ধৰে তাত গৈ চোলা ফালে। ভূপেন বৰাই দিনটোত তিনিখনকৈ প্ৰেছ মীট দিয়ে, প্ৰেছ মীট বৰাহে নাম দিব পাৰি ভূপেন বৰাক। এতিয়ালৈকে কমিটীখনকে গঠন কৰিব নোৱাৰা ভূপেন বৰাই কি ৰাজ্য চলাব?

লগতে কয়- চোৰ, ডকাইত, ধৰ্ষণকাৰী, দেখলকাৰীৰ হৈ মাত মতা ভূপেন বৰাই চৰকাৰ কৰিলে সেইসকলৰ মনোবলহে বৃদ্ধি কৰিব। পানীবিহীন ফায়াৰ ব্ৰীগেড ভূপেন বৰাই দুষ্কৃতিকাৰীৰ হৈ মাত মতা বন্ধ কৰক। নিজৰ সমষ্টিতে খিলঞ্জীয়াৰ ভোট নোপোৱা হ’ল ভূপেন বৰাই।

মোৰ পিতৃ জীয়াই থকা হ’লে পিতৃয়েও বৰ্তমানৰ কংগ্ৰেছক বুজি পালেহেঁতেন। মোৰ পিতৃয়ে আজিৰ কংগ্ৰেছক দেখি দুখ কৰিলে হেঁতেন। কংগ্ৰেছৰ সমৰ্থক কোন মই নামবোৰ ক’ব লাগিব নেকি?– মন্তব্য পীযূষ হাজৰিকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *