অসমঅসমীয়া

শােকাৱহ! ট্ৰেক্টৰৰ খুন্দাত অকালতে মৃত্যু কণমানি ৰিয়াৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

অকালতে প্ৰাণ হেৰুৱালে এগৰাকী ফুলকুমলীয়া কণমানিয়ে।

এই ঘটনাৰ স্থান কামৰূপ জিলাৰ ৰঙিয়াৰ সপূৰ বাৰাংহাটী।

4-21

জানিব পৰা মতে, কঞা থানাৰ অন্তৰ্গত সপূব বাৰাংহাটীৰ ৰিয়া মাছুম নামৰ এগৰাকী ৫ বছৰীয়া শিশুক খুন্দিয়ায় অবৈধভাৱে মাটি কঢ়িওৱা এখন ট্ৰেক্টৰে।

মৃত ৰিয়া মাছুম পূব বাৰাংহাটীৰ ছাইফুদ্দিন আহমেদ আৰু ৰীণা বেগমৰ একমাত্ৰ সন্তান।

বৃহস্পতিবাৰে দুপৰীয়া ঘৰৰ ওচৰৰে বাৰাংহাটী মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত খেলি থকা সময়তে মাটি কঢ়িওৱা নম্বৰবিহীন ট্ৰেক্টৰ এখনে প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলত শিশুটি থিতাতে নিহত হয়।

vlcsnap-2022-01-28-14h33m53s430

ঘটনাৰ খবৰ লাভ কৰি কঞা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ট্ৰেক্টৰখন জব্দ কৰি থানালৈ নিয়ে।

স্থানীয় লােকে শিশুটিৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে।

লগতে চাওকঃ

ডিঙিত বিশেষ শ্ল’গান লিখা প্লেকাৰ্ড আঁৰি বিয়াত বহিল এগৰাকী শিক্ষক!

G3-5

বনভোজ খাবলৈ গৈ মৃত্যুক সাবটিলে যুৱকে

G1

Leave a Reply

Your email address will not be published. Required fields are marked *