অসমীয়াঅসম

যদি জনতাই বেয়া কাম কৰিলে বুলি আৰক্ষীয়েও বেয়া কাম কৰে, তেন্তে দুয়োৰে মাজত পাৰ্থক্য ক’তঃ বিধায়িকা শিৱামণি বৰা

নিউজ ডেস্কঃ ‘আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত কোনো পাৰ্থক্যই নোহোৱা হৈ গ’ল। জনতাই বেয়া কাম কৰিলে আৰক্ষীয়েও বেয়া কাম কৰিব লাগিব বুলি কোনো কথা নাই।’ -বটদ্ৰৱা কাণ্ডৰ পিছতে চলা উচ্চেদ অভিযানক লৈ এই মন্তব্য বিধায়িকা শিৱামণি বৰাৰ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি দেওবাৰে বটদ্ৰৱা কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কংগ্ৰেছৰ বিধায়িকাগৰাকীয়ে। বটদ্ৰৱা থানা জ্বলাই দিয়া কাণ্ডটো অতি বেয়া কাম হৈছে বুলি মন্তব্য কৰি বিধায়িকাগৰাকীয়ে সমান্তৰালভাৱে আৰক্ষীকো কঠোৰ ভাষাৰে সমালোচনা কৰে।

photo1653211118

আৰক্ষীৰ জিম্মাত এজন অভিযুক্তৰ কিদৰে মৃত্যু ঘটিব পাৰিলে বুলি প্ৰশ্ন কৰি ইয়াৰ তদন্তৰ দাবী জনায় শিৱামণি বৰাই। লগতে দুস্কৃতিকাৰীয়ে থানা জ্বলাই দিয়াৰ সময়ত আৰক্ষীয়ে কিয় একো নকৰিলে বুলিও প্ৰশ্ন কৰে বিধায়িকাগৰাকীয়ে।

তেওঁ কয় যে দুস্কৃতিকাৰীয়ে থানাত আক্ৰমণ কৰাৰ সময়ত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিব পাৰিলেহেঁতেন, শূণ্যলৈ গুলী চলাব পাৰিলেহেঁতেন। অথবা ওচৰৰ থানাৰ পৰা আৰক্ষী বাহিনীক মাতিব পাৰিলেহেঁতেন। কিন্তু আৰক্ষীয়ে সেয়া একো নকৰি কেৱল চাই থাকিল।

photo1653211423

এই সমগ্ৰ কাণ্ডত কোনো তৃতীয় শক্তি জড়িত থকা বুলি দাবী কৰে বিধায়িকা শিৱামণি বৰাই।

আনহাতে শনিবাৰৰ বটদ্ৰৱা কাণ্ডৰ পিছতে চলা উচ্ছেদ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়িকাগৰাকীয়ে কয় যে এই উচ্ছেদ মানি ল’ব নোৱাৰি।

যদি জনতাই বেয়া কাম কৰিলে বুলি আৰক্ষীয়েও বেয়া কাম কৰিবলৈ আৰম্ভ কৰে, তেন্তে জনতা আৰু আৰক্ষীৰ মাজত পাৰ্থক্য ক’ত থাকিব বুলিও প্ৰশ্ন কৰে শিৱামণিয়ে।

তেওঁ সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত দাবী কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *