অসমঅসমীয়া

থানা জ্বলাবলৈ মোৰ হাতত পেট্ৰ’লৰ বটল তুলি দিছিলঃ বটদ্ৰৱা কাণ্ডত গ্ৰেপ্তাৰ হোৱা ছবিনাৰ স্বীকাৰোক্তিক লৈ সৃষ্টি হৈছে ৰহস্যৰ

নিউজ ডেস্কঃ বটদ্ৰৱা কাণ্ডক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। ইতিমধ্যে ২১ জনক আটক কৰি আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

বটদ্ৰৱা থানা জ্বলাই দিয়া কাণ্ডৰ ভাইৰেল ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে সেই ভিডিঅ’ৰ জৰিয়তে চিনাক্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বহুতকে।

photo1653212038

উল্লেখ্য যে, ভাইৰেল ভিডিঅ’ত দেখিবলৈ পোৱা মতে, এগৰাকী হালধীয়া কুৰ্তী পিন্ধা কিশোৰীয়ে হাতত পেট্ৰ’লৰ বটল লৈ জ্বলাই দিছিল থানা।

image 51

এই ভিডিঅ’ৰ পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে ছবিনা খাতুন নামৰ কিশোৰীগৰাকীকো গ্ৰেপ্তাৰ কৰিছে।

ইফালে গ্ৰেপ্তাৰৰ পিছত কিশোৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্যই সমগ্ৰ ঘটনাত তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ ঘণীভূত কৰিছে।

ছবিনা খাতুন নামৰ কিশোৰীগৰাকীয়ে স্বীকাৰ কৰা মতে, কোনোবাই তেওঁৰ হাতত পেট্ৰ’ল ভৰ্তি বটল তুলি দি থানাখন জ্বলাই দিবলৈ কৈছিল।

কিন্তু কোনে আৰু কি অভিসন্ধিত কিশোৰীগৰাকীক এয়া কৰিবলৈ কৈছিল সেয়া এতিয়াও স্পষ্ট নহয়। কিশোৰীগৰাকীৰ ভাষ্যক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, বটদ্ৰৱা থানা জ্বলাই দিয়া কাৰ্যৰ আঁৰত জেহাদী সংগঠন জড়িত থকাৰ আশংকা ব্যক্ত কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও।

এনে পৰিপ্ৰেক্ষিতত ছবিনা খাতুনৰ হাততো কোনো দেশবিৰোধী মৌলবাদী শক্তিয়ে থানা জ্বলাবলৈ পেট্ৰ’লৰ বটল তুলি দিছিল নেকি, তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *