চিলিণ্ডাৰ বিস্ফোৰণ হৈ ভয়ংকৰ অগ্নিকাণ্ড! চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মীভূত

চিলিণ্ডাৰ বিস্ফোৰণ হৈ ভয়ংকৰ অগ্নিকাণ্ড, চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মীভূত।

চামগুৰি বৰমাৰ দৈনিক বজাৰত যোৱা নিশা সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিকাণ্ডটোৰ ফলত চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ক্ষতিসাধন হয়।

এখন হোটেলত গেছ চিলিণ্ডাৰ বিস্ফোৰিত হৈ জুইৰ সুত্ৰপাতৰ সন্দেহ।

অগ্নিকাণ্ডটোৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতি সাধন হোৱাৰ আশংকা ৰাইজৰ।

অৱশেষত চামগুৰি আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনৰ সহায়ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলি পাওঁতে পলম হোৱাকলৈ স্থানীয় ৰাইজৰ অসন্তুষ্টি প্ৰকাশ।