পুনৰ ধনদাবী কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল আৰক্ষী।
বঙাইগাঁও আৰক্ষী থানাৰ কনিষ্টবল মজিবুৰ ৰহমানক গ্ৰেপ্তাৰ।
বঙাইগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কনিষ্টবল মজিবুৰ ৰহমানক।
জানিব পৰা অনুসৰি কনিষ্টবলগৰাকীয়ে কোনো এক ৰিপোৰ্ট প্ৰদান কৰাৰ উদ্দেশ্যে টকাৰ দাবী কৰিছিল সুখীৰাম ভৌমিক নামৰ এগৰাকী ব্যক্তিক।
যি ঘটনাৰ পাছতে সুখীৰাম ভৌমিকে কনিষ্টবল গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
সেই এজাৰৰ ভিত্তিতে কনিষ্টবল মজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে।
ভাৰতীয় দণ্ডবিধি আইনৰ ১৬৩/৩৮৪/৫১১ ধাৰাত গ্ৰেপ্তাৰ কৰে কনিষ্টবলজনক।
ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে কনিষ্ঠজনক।









