মৰ্মান্তিক! ৰাজপথত চাৰিচকীয়া বাহনৰ ওপৰত বাগৰিল ট্ৰাক, আইআইটিৰ প্ৰাক্তন ছাত্ৰসহ ৪ জনৰ মৃত্যু

নিউজ ডেস্কঃ মঙলবাৰে পুৱতি নিশা গুৰগাঁৱৰ বিলাসপুৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিবলগীয়া হয় ৪ জন লোক। ৰাজপথত এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই এখন ইনভা বাহনৰ ওপৰত বাগৰি পৰাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

জানিব পৰা মতে, দুৰ্ঘটনাত নিহত সকল নয়ডাৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল। নিশা তেওঁলোকে ছুটিৰ পিছত উদয়পুৰৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো।

আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাটো ৰাতি প্ৰায় ১.৩০ বজাত সংঘটিত হয়। দুৰ্ঘটনাৰ সময়ত বাহনখনত ৪ জন পুৰুষ আৰু দুগৰাকী মহিলা উপস্থিত আছিল। সেই সময়তে দিল্লীৰ পৰা জয়পুৰলৈ গৈ থকা অৱস্থাত মাকৈৰ বস্তা কঢ়িয়াই অনা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন মহটিয়াই নিয়ে আৰু বাহনখনৰ ওপৰত বাগৰি পৰে। যাৰ ফলত ৪ জনৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন দুগৰাকী।

image 119
মৰ্মান্তিক! ৰাজপথত চাৰিচকীয়া বাহনৰ ওপৰত বাগৰিল ট্ৰাক, আইআইটিৰ প্ৰাক্তন ছাত্ৰসহ ৪ জনৰ মৃত্যু 2

নিহত সকলক দীপক (২৫), আদৰ্শ কুমাৰ (২৩), কুমাৰ পুজিত(২৩) আৰু মুস্কান (২৪) বুলি চিনাক্ত কৰা হৈছে।আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ২২ বছৰীয়া প্ৰিয়ংকা আৰু ২৭ বছৰীয়া জাছন’ৰ সিঙক সংকটজনক অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে পৰিয়ালৰ সৈতে যোগাযোগ কৰে। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাক চালকজনে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই ভংয়কৰ দুৰ্ঘটনাই শোকৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।