গুৱাহাটী পৌৰ নিগমত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান।
বিত্তীয় কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দলে চলাইছে অভিযান।
ভুৱা বিলেৰে টকা উলিয়াই নিয়া গোচৰ সন্দৰ্ভত চলিছে অভিযান।
মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই পুৱা ১১ বজাৰ পৰা নিগমত অভিযান চলাইছে।
জাৱৰ নিষ্কাশনৰ নামত ভুৱা বিলেৰে প্ৰায় ২০ কোটি টকা হৰলুকী কৰাৰ সন্দেহ কৰা হৈছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাত গোচৰ তৰিছিল পৌৰ আয়ুক্ত দেৱাশিস শৰ্মাই।









