নিউজ ডেস্কঃ ৰাখী বন্ধনৰ পূৰ্বেই এক শোকাবহ পৰিস্থিতিত কৰুণ মৃত্যুক সাৱটি ল’লে এহাল ভাতৃ-ভগ্নীয়ে। নিশা শুই থকা সময়তে কণমানি ভাতৃ-ভগ্নীহালক সাপে দংশন কৰাৰ ফলত মৃত্যু ঘটা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বুন্দী জিলাত। জানিব পৰা মতে, বুন্দী জিলাৰ গোপালপুৰা বৰাডৰ বাসিন্দা তুলসীৰাম গুৰ্জৰৰ পুত্ৰ শিৱদয়াল গুৰ্জৰ (১৩) আৰু কন্যা মণিকা ওৰফে সোনাক্ষী গুৰ্জৰ (১১)-এ অইনদিনাৰ দৰেই বৃহস্পতিবাৰে নিশাও আশাৰ গ্ৰহণৰ পিছত ককা আৰু আইতাকৰ সৈতে শুই পৰিছিল।
কিন্তু পিছদিনা পুৱা শিৱদয়ালে শৰীৰত বিষ অনুভৱ হোৱাৰ কথা পিতৃক অৱগত কৰে। একে সময়তে সোণাক্ষীয়েও একেই কথা পিতৃক কোৱাত সাপে খুঁটাৰ সন্দেহ কৰি পৰিয়ালৰ লোকে ঘৰত সাপ বিচাৰিবলৈ আৰম্ভ কৰে।

ইপিনে শিশুদুটিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰাত পৰৱৰ্তী সময়ত দুয়োকে বিজোলিয়াৰ হাস্পতাললৈ পৰিয়ালৰ লোকে লৈ যায় যদিও আধা বাটতে দুয়োটি শিশুৰ মৃত্যু ঘটে। যাৰ ফলত হাস্পতাললৈ নিনিয়াকৈয়ে দুয়োটি শিশুক ঘৰলৈ ওভতাই আনি শেষ কৃত্য সম্পন্ন কৰে পৰিয়ালে।
ভাতৃ-ভগ্নীহালৰ সাপে দংশন কৰাৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰিলেও দুয়োৰে মৰোণত্তৰ পৰীক্ষা সম্পন্ন নকৰাৰ পৰিপ্ৰেক্ষিতত দুয়োৰে মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। ইফালে শিশু দুটিৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীকো অৱগত নকৰাকৈয়ে শেষকৃত্য সম্পন্ন কৰাত তাক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
কিন্তু তৎসত্বেও শিশুদুটিৰ মৃত্যুৱে মৰ্মাহত কৰে অঞ্চলবাসীক।









