মৰ্মান্তিক! ৩২ বৰ্ষীয় জন্মদিন উদযাপনৰ এসপ্তাহ পিছতে পথ দুৰ্ঘটনাত মৃত্যু অভিনেত্ৰীৰ…

নিউজ ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মাৰাঠী সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী কল্যাণী কুৰালে যাদৱে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শনিবাৰে নিশা মহাৰাষ্ট্ৰৰ চাংলি-কোলহাপুৰ পথৰ কোলহাপুৰ চহৰৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৩২ বৰ্ষীয় অভিনেত্ৰীগৰাকীয়ে।

জানিব পৰা মতে, কলহাপুৰ চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত অৱস্থিত হালোণ্ডি গাঁৱত শনিবাৰে নিশা অভিনেত্ৰী কল্যাণী কুৰালে যাদৱৰ স্কুটীখনত এখন দ্ৰুতবেগী ট্ৰেক্টৰে খুন্দা মাৰে।

image 102
মৰ্মান্তিক! ৩২ বৰ্ষীয় জন্মদিন উদযাপনৰ এসপ্তাহ পিছতে পথ দুৰ্ঘটনাত মৃত্যু অভিনেত্ৰীৰ… 3

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, কোলহাপুৰৰ ৰাজাৰামপুৰী অঞ্চলৰ নিৱাসী কল্যানীয়ে শেহতীয়াকৈ হালোণ্ডিত এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছিল।

নিশা তেওঁ ৰেষ্টুৰেণ্টৰ পৰা উভতি অহাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।

image 103
মৰ্মান্তিক! ৩২ বৰ্ষীয় জন্মদিন উদযাপনৰ এসপ্তাহ পিছতে পথ দুৰ্ঘটনাত মৃত্যু অভিনেত্ৰীৰ… 4

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, কল্যাণী কুৰালে যাদৱে মাৰাঠী টেলিভিছনৰ ধাৰাবাহিক ‘তুঝ্যাত জীৱন ৰাঙালা’ ‘দখঞ্চা ৰাজা জ্যোতিবাৰ’ আদিৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ পৰা সমাদৃত হৈছিল।

মাত্ৰ এসপ্তাহ পূৰ্বে তেওঁ উদযাপন কৰিছিল তেওঁৰ ৩২ বৰ্ষীয় জন্মদিন। তাৰ পিছতে কৰুণ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় অভিনেত্ৰীগৰাকীয়ে।