প্ৰসংগঃ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা! আগত খিলঞ্জীয়া মানুহ, পিছত মিয়াৰ লগত খোজ কাঢ়িছে ভূপেন বৰাইঃ দিগন্ত কলিতা

কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ক পুনৰ তীব্ৰ সমালোচনা বিজেপি বিধায়ক দিগন্ত কলিতাৰ।

ভূপেন বৰাই ভাৰত জোড়ো যাত্ৰাত টেঙৰামি কৰা বুলি মন্তব্য কৰিলে কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।

বিধায়কগৰাকীয়ে কয়, ‘ভূপেন বৰাই ভাৰত জোড়ো যাত্ৰাত টেঙৰামি কৰিছে। আগত খিলঞ্জীয়া মানুহক দি পিছত মিয়া মানুহৰ লগত খোজ কাঢ়িছে ভূপেন বৰাই।’

তেওঁ লগতে কয়- দুদিন পিছত ভূপেন বৰাই অকলে খোজ কাঢ়িব লাগিব। কাষত কোনো নাথাকিব।

ইপিন ৰাহুল গান্ধী সন্দৰ্ভত তেওঁ কয়- ‘ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদীক দেখিহে দাঢ়ি ৰাখিছে। মন গ’লেই আকৌ কাটি পেলাব। মোদীযে দাঢ়ি ৰাখি নিৰ্বাচন জিকিছিল আৰু গান্ধীয়ে দাঢ়ি ৰাখি নিৰ্বাচন হাৰিব লৈছে। তেওঁ মানুহজন ধৈৰ্যশীল নহয়।’