মৰ্মান্তিক! ১১ মাহ পূৰ্বে কাম বিচাৰি বাংগালুৰুলৈ গৈছিল ৰবিৰাম, দুৰ্গোৎসৱৰ মাজতে ঘৰলৈ ওভতাৰ পথতে ঘটিল অঘটন…

নিউজ ডেস্কঃ পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ সমস্ত দায়িত্ব বহন কৰিবলগীয়া হৈছিল ৰবিৰামে। সেয়ে ১১ মাহ পূৰ্বে কৰ্মৰ সন্ধানত বাংগালুৰুলৈ গৈছিল যুৱকজন।

তাত শ্ৰমিক হিচাপে কাম কৰা ৰবিৰামে ঘৰলৈ ওভতাৰ পথতে সংঘটিত হ’ল অঘটন। গৃহাভিমুখী ৰে’লৰ পৰা পৰি কোচবিহাৰত অকাল মৃত্যুক সাৱটি লয় ৰবিৰাম বসুমতাৰী নামৰ যুৱকজনে।

এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে চিলাপথাৰবাসীক।

জানিব পৰা মতে, চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌৰ দীপা নমাৰী গাঁৱৰ নিৱাসী ৰবিৰাম বসুমতাৰীয়ে পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ পোহপালৰ বাবে কৰ্মৰ সন্ধানত গৈছিল বাংগালুৰুলৈ।

photo1664792387 1
মৰ্মান্তিক! ১১ মাহ পূৰ্বে কাম বিচাৰি বাংগালুৰুলৈ গৈছিল ৰবিৰাম, দুৰ্গোৎসৱৰ মাজতে ঘৰলৈ ওভতাৰ পথতে ঘটিল অঘটন… 2

দুৰ্গোৎসৱৰ মাজতে যুৱকজনে বাংগালুৰু এক্সপ্ৰেছযোগে ঘৰলৈ উভতিছিল। কিন্তু কোচবিহাৰত ৰে’লৰ পৰা পৰি মৃত্যু ঘটে যুৱকজনৰ।

উল্লেখ্য যে, ঘৰলৈ অহাৰ পূৰ্বে শেষবাৰৰ বাবে মাতৃলৈ ফোন কৰি ৰে’লত উঠা বুলি কৈছিল ৰবিৰামে।

ভনীয়েকক পঢ়ুওৱাৰ সপোন দেখা ৰবিৰামৰ এই অকাল বিয়োগত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী।

ইতিমধ্যে পৰিয়ালৰ লোক কোচবিহাৰত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ চিনাক্ত কৰা বুলি জানিব পৰা গৈছে।