জাতিৰ পিতাক চূড়ান্ত অপমান! দুৰ্গা পূজাত মহিষাসুৰৰ স্থানত মহাত্মা গান্ধীক উপস্থাপন…

পূজাৰ নামত জাতিৰ পিতা মহাত্মা গান্ধীক চূড়ান্ত অপমান।

দুৰ্গা পূজাত মহিষাসুৰৰ স্থানত মহাত্মা গান্ধীক উপস্থাপন।

কলকাতাৰ দাঁতিকাষৰীয়া কচবা নামৰ এক স্থানত এখন দুৰ্গা পূজাত মহিষাসুৰৰ স্থানত সাইলাখ মহাত্মা গান্ধীৰ এক প্ৰতিমূৰ্তি স্থাপন কৰাৰ লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

অখিল ভাৰতীয় হিন্দু মহাসভাই অনুষ্ঠিত কৰা পূজা ভাগত অসুৰৰ পৰিৱৰ্তে মহাত্মা গান্ধী সদৃশ এক প্ৰতিমূৰ্তি পৰিলক্ষিত হয়।

দেওবাৰে যেতিয়া পূজা বুলি দৰ্শনাৰ্থীয়ে মা দুৰ্গাক দৰ্শন কৰিবলৈ আহিছিল তেতিয়া মূৰ্তিটো দেখি সকলোয়ে আচৰিত হৈছিল।

image 30
জাতিৰ পিতাক চূড়ান্ত অপমান! দুৰ্গা পূজাত মহিষাসুৰৰ স্থানত মহাত্মা গান্ধীক উপস্থাপন... 2

দেওবাৰে এনে কাৰ্য সচেতন মহলৰ দৃষ্টিগোচৰ হোৱাত প্ৰশাসনক অৱগত কৰাত আৰক্ষীয়ে তদন্ত কৰি পূজা কমিটিলৈ এখন জাননী প্ৰেৰণ কৰে।

অৱশেষত মহাসভাই প্ৰতিমূৰ্তিত কিছু পৰিৱৰ্তন ঘটায়। তেওঁলোকে চশমাযোৰ আঁতৰাই দিয়ে আৰু মূৰত চুলি সংযোজন কৰে।

পূজা কমিটিয়ে ইতিমধ্যেই সকলোৰে আগত ক্ষমা খোজে যদিও বহু দল সংগঠনে তেওঁলোকক শাস্তি প্ৰদান কৰিবৰ বাবে দাবী জনাইছে।