মৰ্মান্তিক! হোটেলত বিধ্বংসী অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ মৃত্যু কমেও ১৯ জনৰ…

নিউজ ডেস্কঃ হোটেল কোচিনোত ১২ ঘণ্টাৰো অধিক সময় ধৰি সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যু কমেও ১৯ জন লোকৰ।

জানিব পৰা মতে, বৃহস্পতিবাৰে কোম্বোডিয়াৰ পইপেট চহৰৰ গ্ৰেণ্ড ডাইমণ্ড চিটি কেচিনো এণ্ড হোটেলত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত কমেও ১৯ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হৈছে ৬০ জনৰো অধিক লোক।

image 184
মৰ্মান্তিক! হোটেলত বিধ্বংসী অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ মৃত্যু কমেও ১৯ জনৰ… 3

স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নিহত সকলৰ মাজত আছে, চীন, থাইলেণ্ড, মালেয়েছিয়া, ভিয়েটনামৰ লগতে কেইবাখনো ৰাষ্ট্ৰৰ পৰ্যটক।

চুবুৰীয়া দেশ থাইলেণ্ডে ব্যস্ত সীমান্ত চহৰ পইপেটৰ সংকটৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ ট্ৰাক আৰু জৰুৰীকালীন কৰ্মী প্ৰেৰণ কৰে।

image 185
মৰ্মান্তিক! হোটেলত বিধ্বংসী অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ মৃত্যু কমেও ১৯ জনৰ… 4

হোটেলখনত বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান। ধ্বংসাৱশেষৰ তলত আন বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।

এনে পৰিপ্ৰেক্ষিতত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে।