নিউজ ডেস্কঃ দেশজুৰি স্বাধীনতাৰ ৭৫ বৰ্ষপুতি উদযাপনৰ এদিন পিছতে ভূস্বৰ্গ কাশ্মীৰত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত শ্বহীদ হ’ল ৬ গৰাকীকৈ আইটিবিপিৰ জোৱান।
জম্মু-কাশ্মীৰৰ পাহেলগাঁৱত ৩৭ গৰাকী জোৱানে যাত্ৰা কৰা এখন বাছ পাহাৰীয়া নৈত বাগৰি পৰাত থিতাতে নিহত হয় ৬ গৰাকী জোৱান।

আনহাতে এই দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰা হয় ৩৫ জন জোৱান। গুৰুতৰভাৱে আহত জোৱানসকলক পৰৱৰ্তী সময়ত হেলিকপ্টাৰযোগে শ্ৰীনগৰস্থিত সেনাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
জানিব পৰা মতে, সেনাৰ বাছখনে পাহেলগাঁৱৰ সমীপৰ চন্দনৱাৰীৰ জিগ ম’ৰ ফ্ৰীছলানত নিয়ন্ত্ৰণ হেৰুৱাই ওচৰৰ পাহাৰীয়া নৈত বাগৰি পৰে। আটিবিপিৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত ৩৭ গৰাকী জোৱান আছিল।

দুৰ্ঘটনাৰ ফলত ৬ জোৱাৰ থিতাতে মৃত্যু ঘটে। আনহাতে ৩০ গৰাকী জোৱান গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
ইফালে, দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে সেনা, আৰক্ষী আৰু দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ক্ষীপ্ৰতাৰে ১৯ খন এম্বুলেন্স সেই স্থানত উপস্থিত হয়।
In a road #accident near Chandanwari Pahalgam in #Anantnag district, 6 ITBP personnel got #martyred while as several others got injured, who are being #airlifted to Army hospital, Srinagar for treatment. Further details shall follow.@JmuKmrPolice
— Kashmir Zone Police (@KashmirPolice) August 16, 2022
আহত সকলক অনন্তনাগ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সামান্য আঘাতপ্ৰাপ্ত ৩ জন জোৱানক জিলা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়।
#WATCH Bus carrying 37 ITBP personnel and two J&K Police personnel falls into riverbed in Pahalgam after its brakes reportedly failed, casualties feared#JammuAndKashmir pic.twitter.com/r66lQztfKu
— ANI (@ANI) August 16, 2022
খবৰ অনুসৰি গুৰুতৰভাৱে আহত সকলক হেলিকপ্টাৰেৰে শ্ৰীনগৰলৈ লৈ যোৱা হৈছে। শ্ৰীনগৰস্থিত সেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জোৱান সকলক।









