মৰ্মান্তিক! স্কুটী-মালবাহী মেজিকৰ মুখামুখি সংঘৰ্ষত ৩ জনৰ মৃত্যু, আহত ৬ জন

নিউজ ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই স্কুটী আৰোহীসহ ৩ জনকৈ লোকৰ।

দেওবাৰে নিশা লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এখন স্কুটি আৰু মালবাহী মেজিকৰ মাজত সংঘটিত সংঘৰ্ষত ৩ জনৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন ৬ জন লোক।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি নিশাই লখিমপুৰ অসামৰিক চিকিৎসালয়ৈ প্ৰেৰণ কৰে।

4 1
মৰ্মান্তিক! স্কুটী-মালবাহী মেজিকৰ মুখামুখি সংঘৰ্ষত ৩ জনৰ মৃত্যু, আহত ৬ জন 2

জানিব পৰা মতে, নিশা প্ৰায় ১০.৩০ বজাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰমতী বজাৰ আৰু হাৰমতী ডনবস্ক’ স্কুলৰ মাজত লালুক অভিমুখে আহি থকা এএছ ০৭ বিচি ১৭৯৯ নম্বৰৰ মালবাহী মেজিকখনৰ লগত বান্দৰদেৱাৰ দিশত গৈ থকা এ আৰ ০১ এম ০৯৪৫ নম্বৰৰ স্কুটিখনৰ মুখামুখিকৈ খুন্দা লাগে।

ভয়ংকৰ দুৰ্ঘটনাটোত স্কুটী আৰোহী দুয়োজন ব্যক্তিৰ লগতে মেজিকখনত থকা এজন যাত্ৰীৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত মেজিকখনত অৰুণাচলৰ বজাৰত পোহাৰ মেলিবলৈ যোৱা লালুক, কৰুণাবাৰীৰ ব্যৱসায়ী ব্যৱসায়ৰ সামগ্ৰী লৈ ঘৰলৈ উভতি আহিছিল।

দুৰ্ঘটনাত নিহত সকলক হাৰমতী বগলীৰ পীযূষ বসুমতাৰীৰ পুত্ৰ সুজিৎ (আশ্বাদুল) বসুমতাৰী (১৯), নূৰ জামালৰ পুত্ৰ আমিৰউদ্দিন (২২) আৰু মেজিক আৰোহী লালুক কৰুণাবাৰীৰ ছাইদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।