মৰ্মান্তিক! মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল আৰক্ষী জোৱান গোকুল বসুমতাৰী, সতীৰ্থৰ গুলীয়ে কাঢ়ি নিলে প্ৰাণ…

নিউজ ডেস্কঃ মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল আৰক্ষী জোৱান গকুল। বৰ্তমান কৰ্তব্যৰত হৈ আছিল সোণাৰি আৰক্ষী থানাত।

কিন্তু সতীৰ্থৰ বন্দুকৰ গুলীয়ে শোকৰ বন্যা নমাই আনিল গোকুলৰ পৰিয়াললৈ।

এতিয়া কান্দি কান্দি অচেতন হৈ পৰিছে গোকুলৰ পত্নী আৰু পৰিয়াল।

image 29
মৰ্মান্তিক! মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল আৰক্ষী জোৱান গোকুল বসুমতাৰী, সতীৰ্থৰ গুলীয়ে কাঢ়ি নিলে প্ৰাণ… 3

উল্লেখ্য যে, মঙলবাৰে পুৱা চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা।

এগৰাকী সতীৰ্থৰ গুলীয়ে থকাসৰকা কৰে আৰক্ষী জোৱান গোকুল বসুমতাৰীৰ শৰীৰ।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী সতীৰ্থ দীপক কাকতি নামৰ আৰক্ষী জোৱানজনক।

হত্যাকাৰী দীপকে হত্যাৰ কথা স্বীকাৰ কৰি কয়, ‘সি মোক মাৰিছিল, সেইবাবে মই তাক গুলীয়াইছো।’

image 30
মৰ্মান্তিক! মাত্ৰ এবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল আৰক্ষী জোৱান গোকুল বসুমতাৰী, সতীৰ্থৰ গুলীয়ে কাঢ়ি নিলে প্ৰাণ… 4

ইফালে চামগুৰিৰ বৰদলৰ নিৱাসী গোকুল বসুমতাৰীৰ মৃত্যুৰ বাতৰি লাভ কৰিয়েই শোকস্তব্ধ হৈ পৰিছে পৰিয়াল।

মাত্ৰ এবছৰ পূৰ্বে গোকুলৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা পত্নী কান্দি কান্দি এতিয়া অচেতন হৈ পৰিছে।

একেই অৱস্থা আৰক্ষী জোৱানজনৰ পিতৃ-মাতৃ আৰু ককায়েক-বৌয়েকৰো।

গোকুলৰ হত্যাকাৰী দীপক কাকতিৰ ফাঁচীৰ দাবী কৰিছে পৰিয়ালে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত।

কিন্তু কি কাৰণত এজন সতীৰ্থই গোকুলক গুলীয়াই হত্যা কৰিলে তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ।