মৰ্মান্তিক! সাংসদৰ গাড়ীৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে ৪ বছৰীয়া কণমানিয়ে…

এক শোকাৱহ পথ দুৰ্ঘটনা।

এগৰাকী সাংসদৰ গাড়ীৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে এটি ৪ বছৰীয়া কণমানিয়ে।

তৃণমূল কংগ্ৰেছৰ সাংসদ আবু তাহেৰ খানৰ গাড়ীৰ খুন্দাত নিহত হয় এটি ৪ বছৰীয়া শিশু।

বুধবাৰে পশ্চিম বংগৰ মুৰ্ছিদাবাদত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে, শিশুটিয়ে মাকৰ সৈতে বেংকলৈ গৈ আছিল আৰু তেওঁলোকে ৰাস্তা পাৰ হ’ব ধৰোতে টিএমচিৰ সাংসদ আবু তাহেৰ খানৰ বাহন খনে শিশুটোক মহতিয়াই নিয়ে।

আনহাতে টিএমচিৰ সাংসদ আবু তাহেৰ খানে কয় যে, তেওঁ গাড়ীত বহৰামপুৰ লৈ গৈ আছিল তেনে সময়তে মাকৰ সৈতে যোৱা চাৰি বছৰীয়া ল’ৰাটোয়ে গাড়ীখনৰ সমুখলৈ দৌৰি আহে। যাৰ ফলত বাহন খনে নিয়ন্ত্ৰণ কৰিব নোৱাৰি শিশুটোক মহতিয়াই নিয়ে।

গাড়ীখনে খুন্দা মৰাৰ পিছত শিশুটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাত শিশুটোৰ মৃত্যু হয়।

এই দুৰ্ঘটনাত সাংসদগৰাকীয়ে শোক প্ৰকাশ কৰিছে।