ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে ছাত্ৰ নেতা অনন্ত বৰাই…

এক শোকাৱহ ঘটনা।

ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু এগৰাকী ছাত্ৰ নেতাৰ।

লখিমপুৰৰ লালুকত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

নিহত ছাত্র নেতাজনৰ নাম অনন্ত বৰা বুলি জানিব পৰা গৈছে।

নাওবৈচা আঞ্চলিক ছাত্র সন্থাৰ সভাপতিৰ দায়িত্বত আছিল অনন্ত বৰা।

1321
ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যুক সাৱটিলে ছাত্ৰ নেতা অনন্ত বৰাই... 2

নিশা বাইকেৰে দলহাটৰ ঘৰলৈ গৈ থকা অৱস্থাতে লালুক দহমাইলত দুৰ্ঘটনাত মৃত্যু হয় ছাত্ৰ নেতা গৰাকীৰ।

ছাত্ৰ নেতাগৰাকীৰ মৃত্যুত নাওবৈচাত পৰিছে শোকৰ ছাঁ।