অসম

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, হত্যাৰ সন্দেহ পৰিয়ালৰ…

পুনৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ।

বাংগালোৰত মৃত্যু নাৰায়ণপুৰৰ পোৰাবিল গাঁৱৰ মৌচুমী শইকীয়া নামৰ যুৱতী গৰাকীৰ।

সোমবাৰে পুৱা ১০ মান বজাত বাংগালোৰ আৰক্ষীয়ে যুৱতী গৰাকীৰ পিতৃক ফোন কৰি আত্মহত্যা কৰা বুলি খবৰ দিয়ে।

নাৰায়ণপুৰৰ পোৰাবিল গাঁৱৰ ৰঞ্জিত শইকীয়াৰ জ্যেষ্ঠ কন্যা আছিল যুৱতী গৰাকী।

বিগত ডেৰ বছৰ ধৰি অলট্ৰাচ নামৰ এটা ব্যক্তিগত খণ্ডৰ এটা কোম্পানীত কৰ্মৰত আছিল যুৱতী গৰাকী।

ইফালে পৰিয়ালৰ লোকে যুৱতী গৰাকীৰ মৃত্যুক সহজ ভাবে লব পৰা নাই।

আত্মহত্যাৰ পৰিৱৰ্তে ই এক হত্যাকাণ্ডহে বুলিহে অভিহিত কৰিছে পৰিয়ালৰ লোকে।

অতি দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত সন্মুখীন হৈছে সমস্যাৰ।

মৃতদেহটো ঘৰলৈ আনিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক তথা জিলা প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে পিতৃ ৰঞ্জিত শইকীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *