মৰ্মান্তিক! শিশুৰ মুণ্ডন অনুষ্ঠানলৈ গৈ থকা সময়তে সংঘটিত ভয়ংকৰ দুৰ্ঘটনা, ৪ মহিলা আৰু এটি ডেৰ বছৰীয়া শিশুৰ মৃত্যু

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাৰ এটা ঘাইপথত বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় এটি শিশুসহ ৫ গৰাকী মহিলাই।

জানিব পৰা মতে, নিহত লোক কেইজনে শিশুৰ মুণ্ডন অনুষ্ঠানৰ বাবে বিন্ধ্যাচললৈ গৈ থকা সময়তে পুৱা ৫.৪৫ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে সদৰী কৰা মতে, লোক কেইজনে যাত্ৰা কৰা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে পথৰ দাঁতিৰ এটা খুঁটাত খুন্দা মাৰে।

image 212
মৰ্মান্তিক! শিশুৰ মুণ্ডন অনুষ্ঠানলৈ গৈ থকা সময়তে সংঘটিত ভয়ংকৰ দুৰ্ঘটনা, ৪ মহিলা আৰু এটি ডেৰ বছৰীয়া শিশুৰ মৃত্যু 3

ভয়ংকৰ দুৰ্ঘটনাটোত ৪ গৰাকী মহিলা আৰু এটি শিশুৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ৫ জন গুৰুতৰভাৱে আহত হয়।

নিহত সকলক ৰেখা দেৱী (৪৫), কৃষ্ণ দেৱী (৭০), সবিতা (৩৬), ৰেখা (৩২) আৰু ডেৰ বছৰীয়া ওজাছ বুলি চিনাক্ত কৰা হৈছে।

image 213
মৰ্মান্তিক! শিশুৰ মুণ্ডন অনুষ্ঠানলৈ গৈ থকা সময়তে সংঘটিত ভয়ংকৰ দুৰ্ঘটনা, ৪ মহিলা আৰু এটি ডেৰ বছৰীয়া শিশুৰ মৃত্যু 4

দুৰ্ঘটনাটোক লৈ শোক প্ৰকাশ কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

তদুপৰি জিলা দণ্ডাধীশৰ লগতে জিলাখনৰ অন্যান্য শীৰ্ষ বিষয়াসকলক অতি সোনকালে সেই স্থানত উপস্থিত হৈ আহতসকলৰ উপযুক্ত চিকিৎসা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।