‘উবেৰ’ৰ বাবেই বিমান বন্দৰত পলমকৈ উপস্থিত হ’ল এগৰাকী মহিলা! জৰিমণা স্বৰূপে উবেৰ কৰ্তৃপক্ষই ভৰিব লগীয়া হ’ল ২০ হাজাৰ টকা

নিউজ ডেস্কঃ অনলাইন কেব বুকিং কৰি যাত্ৰা কৰাটো আজিৰ সময়ত সহজ হৈ পৰিছে যদিও কেতিয়াবা নিৰ্দিষ্ট সময়ত কেব আহি নোপোৱাত তীব্ৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় যাত্ৰী।

তেনে এক ঘটনাই সংঘটিত হ’ল মুম্বাইৰ এগৰাকী মহিলাৰ সতেও। অনলাইন বুকিং কৰা কেব পলমকৈ উপস্থিত হোৱাৰ বাবেই বিমান বন্দৰত পলমকৈ উপস্থিত হ’বলগীয়া হয় মহিলা যাত্ৰীগৰাকীয়ে।

শেহতীয়াকৈ এই গোচৰত মুম্বাইৰ এখন জিলা গ্ৰাহক আদালতে ‘উবেৰ’ নামৰ কেব প্ৰতিষ্ঠানটোক ২০ হাজাৰ টকা জৰিমণা ভৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

ইয়াৰে ১০ হাজাৰ টকা মহিলাগৰাকীক মানসিক হাৰাশাস্তি কৰাৰ বাবে আৰু বাকী ১০ হাজাৰ মহিলাগৰাকীয়ে গোচৰ তৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ বাবে ভৰিবলগীয়া হৈছে উবেৰে।

দৰাচলতে মুম্বাইৰ ডম্বিভলীৰ নিৱাসী কবিতা শৰ্মা নামৰ মহিলাগৰাকীয়ে ২০১৮ চনৰ ১২ জুনত মুম্বাইৰ পৰা চেন্নাইলৈ বিমান যাত্ৰা কৰিবলগীয়া আছিল।

uber pay 20 k
'উবেৰ’ৰ বাবেই বিমান বন্দৰত পলমকৈ উপস্থিত হ’ল এগৰাকী মহিলা! জৰিমণা স্বৰূপে উবেৰ কৰ্তৃপক্ষই ভৰিব লগীয়া হ’ল ২০ হাজাৰ টকা 2

তেওঁৰ বাসগৃহৰ পৰা প্ৰায় ৩৬ কিলোমিটাৰ নিলগত থকা বিমান বন্দৰলৈ যোৱাৰ বাবে সেইদিনা বিয়লি ৩.২৯ বজাত এখন উবেৰ কেব বুকিং কৰে মহিলাগৰাকীয়ে।

কিন্তু কেব বুকিং কৰাৰ ১৪ মিনিট পলমকৈ ড্ৰাইভাৰ তেওঁৰ ঘৰৰ সন্মুখত উপস্থিত হয়।

কবিতা শৰ্মাই উবেৰ চালকক বাৰাম্বাৰ ফোন কৰি থকা স্বত্বেও তেওঁ ফোন ৰিচিভ কৰা নাছিল। আনহাতে ঘৰৰ সন্মুখত উপস্থিত হোৱাৰ পিছতো চালকজনে বহু সময় ফোনত আনৰ সৈতে কথা পাতি পাৰ কৰিছিল। আৰু যেতিয়া কথা শেষ হৈছিল তাৰ পিছতহে যাত্ৰা আৰম্ভ কৰিছিল।

ইয়াৰোপৰি চালকজনে ইচ্ছাকৃতভাৱে বিমান বন্দৰলৈ দীঘলীয়া পথ লৈ পুনৰ ১৫-২০ মিনিট সময় অপচয় কৰে সন্ধিয়া ৫.২৩ বজাত বিমান বন্দৰত উপস্থিত হয়।

যাৰ বাবে কবিতা শৰ্মাই তেওঁ যাত্ৰা কৰিবলগা বিমানখন ধৰিবলৈ সক্ষম নহ’ল আৰু অপেক্ষা কৰি পলমকৈ অন্য বিমানযোগে চেন্নাইলৈ যাবলগীয়া হয়।

মহিলাগৰাকীয়ে বাসগৃহৰ পৰা বিমান বন্দৰলৈ কেব বুকিং কৰাৰ সময়ত আনুমানিক ভাড়া ৫৬৩ টকা আছিল যদিও বিমান বন্দৰত নামি তেওঁ ৭০৩ টকা প্ৰদান কৰিবলগীয়া হৈছিল।

কবিতা শৰ্মাই তেওঁৰ সৈতে এই ঘটনা সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ পিছতে উবেৰ কৰ্তৃপক্ষই তেওঁক ১৩৯ টকা ওভতাই দিয়ে যদিও সেয়া মহিলাগৰাকীয়ে পৰিশোধ ভাড়াৰ আধা অংশও নাছিল।

যাৰ বাবে কবিতা শৰ্মাই পৰৱৰ্তী সময়ত উবেৰৰ বিৰুদ্ধে জিলা গ্ৰাহক আদালতত অভিযোগ দাখিল কৰে।

এই অভিযোগৰে ৰায় প্ৰদান কৰি দুবছৰ পিছত শেহতীয়াকৈ আদালতে উবেৰ কৰ্তৃপক্ষক ২০ হাজাৰ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।