মৰ্মান্তিক! মাজনিশা নিয়ন্ত্ৰণহীন হৈ পুখুৰীত পৰিল চাৰিচকীয়া বাহন, ৪ জনৰ কৰুণ মৃত্যু…

নিউজ ডেস্কঃ ঘৰলৈ ওভতাৰ পথতে নিশা নিয়ন্ত্ৰণহীন হৈ পুখুৰীত পৰিল চাৰিচকীয়া বাহন।

বুধবাৰে নিশা উত্তৰ প্ৰদেশৰ হাপুৰ জিলাত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় বাহনখনত থকা চাৰিজনকৈ লোকে।

জানিব পৰা মতে, হাপুৰৰ নিৱাসী লোক কেইজনে নিশা গাজিয়াবাদৰ পৰা হোণ্ডা চিটি বাহনেৰে ঘৰলৈ ওভতাৰ পথতে কাপুৰপুৰ আৰক্ষী থানা এলেকাৰ সমনা গাঁৱৰ সমীপত নিশা প্ৰায় ১২ বজাত তেওঁলোকৰ বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এটা পুখুৰীত পৰি যায়।

এই দুৰ্ঘটনাত গাড়ীৰ ভিতৰতে শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটি লয় আটাইকেইজন লোকে।

নিহত সকলক ৰাহুল, হাৰুন, চৌকিন আৰু অৰূপ বুলি চিনাক্ত কৰা হৈছে।

ইফালে পুৱা ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।