নিউজ ডেস্কঃ মাঘ বিহুৰ সময়ত বনোৱা বৰা চাউলৰ পিঠা খাই একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যৰ কৰুণ মৃত্যু ঘটাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰ্বি আংলং জিলাত।
জিলাখনৰ টেকেলাংজুঙত বৰা চাউলৰ পিঠা খোৱাৰ পিছতে অসুস্থ হৈ মৃত্যু ঘটে এগৰাকী মহিলাৰ লগতে এটি ১১ বছৰীয়া কন্যা আৰু এটি ৭ বছৰীয়া শিশুৰ।
জানিব পৰামতে, টেকেলাংজুঙৰ ৭০ বছৰীয়া বংৱাৰী কিলিংপীৰ পৰিয়ালত মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি তৈয়াৰ কৰা হৈছিল বৰা চাউলৰ পিঠা।
১৬ জানুৱাৰীৰ নিশা বংৱাৰী কিলিংপীৰ পৰিয়ালৰ সকলো সদস্যই পিঠা খোৱাৰ পিছতেই শৌচ-বমি কৰিবলৈ আৰম্ভ কৰে।
যাৰ ফলত ঘৰতে মৃত্যুক আঁকোৱালি লয় বংৱাৰী কিলিংপী নামৰ বৃদ্ধাগৰাকীয়ে।
পিছত স্থানীয় ৰাইজে ততাতৈয়াকৈ ১১ বছৰীয়া কন্যা ৰশ্মিতা বেবী আৰু ৭ বছৰীয়া পুত্ৰ চাৰ্জুং বে’ক ডকমকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চাৰ্জুং বে’ৰ চিকিৎসালয়তে মৃত্যু হয়।
আনহাতে ৰশ্মিতা বেবীক উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ৰ পৰিৱৰ্তে ঘৰলৈ নিয়ে আৰু ঘৰতে ৰশ্মিতা বেবীৰো মৃত্যু হয়।









