মৰ্মান্তিক! মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে টায়াৰ ফাটি কণ্টেইনাৰৰ সৈতে সংঘৰ্ষ চাৰিচকীয়া বাহনৰ, একেটা পৰিয়ালৰ ৪ জনৰ মৃত্যু…

নিউজ ডেস্কঃ মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল’লে একেটা পৰিয়ালৰ ৪ জনকৈ সদস্যই।

বুধবাৰে মাজনিশা পুনে-আহমেদনগৰ ঘাইপথত সংঘটিত হোৱা লোমহৰ্ষক দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন ৭ জন লোক।

জানিব পৰা মতে, পুনে জিলাৰ শ্বিৰুৰ আমদাবাদ গাঁৱৰ নিৱাসী পৰিয়ালটোৱে বুধবাৰে দেৱগড় আৰু শনি শ্বিংনাপুৰ ভ্ৰমণলৈ গৈছিল।

মন্দিৰ দৰ্শন কৰি নিশা পৰিয়ালটোৱে উভতি অহাৰ পথতে পুনে-আহমেদনগৰ ঘাইপথত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন কণ্টেইনাৰ ট্ৰাকৰ সৈতে দুৰ্ঘটনাত পতিত হয়।

এই ভয়ংকৰ দুৰ্ঘটনাটোত ৪ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত ৭ জনক পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

নিহত সকলক ৰাজেন্দ্ৰ বিষ্ণু ছালভে (৩৩), বিজয় ৰাজেন্দ্ৰ আৱাচিতে (২৬), ধীৰাজ মহিতে (১০) আৰু ময়ুৰ সন্তোষ ছালভে (২৫) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পৰিয়ালটোৱে যাত্ৰা বাহনখনৰ টায়াৰ ফাটি নিয়ন্ত্ৰণহীন হৈ পৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।