এক ভয়ংকৰ পথ দুৰ্ঘটনা।
সোমবাৰে কেৰালাত মৰ্মান্তিক পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱায় দুয়োগৰাকী মডেলে।
ইণ্ডিয়া টুডেত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, আনছি কবিৰ আৰু অঞ্জনা ছাহজাহান দুয়োগৰাকী মডেলিঙৰ সৈতে জড়িত আছিল।
কেৰালাত এখন গাড়ীৰে দুয়ো গৈ থকা অৱস্থাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাহনখন।
হঠাৎ গাড়ীৰ আগত এখন চাইকেল আহি ওলোৱাত চাইকেল আৰোহীক বচাবলৈ গৈ এজোপা গছত খুন্দা মাৰে গাড়ীখনে।
৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভিটিলা আৰু এডাপ্পাল্লিৰ মাজৰ চক্ৰপৰম্ভুৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাত গাড়ীখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
জানিব পৰা মতে, কোচীত এক ফটোশ্বুটৰ কাম কৰি ত্ৰিশূৰৰ ফালে উভতিছিল আনছি আৰু অঞ্জনা।
গাড়ীত থকা আন দুজন লোকো আহত হয়। তেওঁলোকক এৰ্নাকুলামৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
উল্লেখ্য যে, আনছি কবীৰে ২০১৯ চনত মিছ কেৰালাৰ খিতাপো জয় কৰিছিল।
সেই বছৰে মিছ কেৰালা প্ৰতিযোগিতাৰ ৰানাৰ আপ হৈছিল অঞ্জনা ছাহজাহান।









