মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু ৩ বছৰীয়া শিশুসহ একেটা পৰিয়ালৰ ৪ সদস্যৰ

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এটি ৩ বছৰীয়া শিশুসহ একেটা পৰিয়ালৰ ৪ সদস্যই। গুজৰাটৰ কুচত মঙলবাৰে সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাই শোকৰ ছাঁ পেলায় সমগ্ৰ জিলাখনত।

জানিব পৰা মতে, পৰিয়ালটোৱে নখতৰানাৰ পৰা মাণ্ডৱী অভিমুখে গৈ থকা অৱস্থাত প্ৰায় ১২ বজাত দাৱদা গাঁৱত দুৰ্ঘটনাটো সংঘটিত হয়। পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত তেওঁলোকৰ বাহনখনে খুন্দা মৰাত ঘটনাস্থলীতে মৃত্যু ঘটে পৰিয়ালটোৰ ৪ সদস্যৰ।

kutch
মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু ৩ বছৰীয়া শিশুসহ একেটা পৰিয়ালৰ ৪ সদস্যৰ 2

দুৰ্ঘটনাটোত আন দুজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত দুজনক হাস্পতাললৈ প্ৰেৰণ কৰে। নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

নিহত সকলক কস্তুৰবেন গোস্বামী (৫৩), সংগীতাবেন গোস্বামী (২৫), পৰেশ গোস্বামী (৫০) আৰু মানভাৰ (৩) বুলি চিনাক্ত কৰা হৈছে।