ডনবস্ক’, ছেণ্ট মেৰিজতকৈও ধুনীয়া হ’ব অসমৰ প্ৰতিখন হাইস্কুল! চৰকাৰে গ্ৰহণ কৰিছে এই আঁচনি…

নিউজ ডেস্কঃ ডনবস্ক’, ছেন্ট মেৰিজতকৈও ধুনীয়া হ’ব অসমৰ বিদ্যালয়। -এই প্ৰতিশ্ৰুতি প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

শিক্ষা ব্যৱস্থাক লৈ চলি থকা বিতৰ্কৰ মাজতে অসমৰ হাইস্কুল সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰা মতে, অসমৰ হাইস্কুল সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। যাৰ জৰিয়তে ডনবস্ক’, ছেন্ট মেৰিজতকৈও চৰকাৰী হাইস্কুলসমূহ ধুনীয়া কৰি গঢ়ি তোলা হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, অসমৰ ৰাস্তা-ঘাট, স্বাস্থ্য খণ্ড, শিক্ষাৰ জৰিয়তে চৰকাৰে সমগ্ৰ ৰাজ্যত বিকাশৰ নতুন গংগা নমাই অনাৰ চেষ্টা কৰিছে।

উল্লেখ্য যে, শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূূণ্য ফলাফল প্ৰদৰ্শন কৰা ৩৪ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ সমগ্ৰ ৰাজ্যজ্যুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰাই গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম ব্যৱহাৰৰ বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক লৈও তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।