মৰ্মান্তিক! ভুল দিশেৰে অহা ট্ৰেক্টৰৰ খুন্দাত মৃত্যু পতি-পত্নী আৰু পুত্ৰৰ…

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল একেটা পৰিয়ালৰ তিনি সদস্যই। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ আজমেৰ জিলাত।

জানিব পৰা মতে, আজমেৰৰ মাংলিয়াৱাছ আৰক্ষী থানাৰ অন্তৰ্গত তাবিজী পুলিয়াৰ সমীপত সংঘটিত হয় শোকাবহ দুৰ্ঘটনাটো। এখন বাইকত ভুল দিশেৰে অহা এখন ট্ৰেক্টৰে খুন্দা মৰাত নিহত হয় স্বামী-স্ত্ৰীৰ লগতে তেওঁলোকৰ দুবছৰীয়া সন্তানৰ। দুৰ্ঘটনাত আন দুজনো গুৰুতৰভাৱে আহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শুকুৰবাৰে ৰাজসামন্দৰ পৰা দিল্লীলৈ এখন বাইকেৰে গৈ আছিল ৰাজসামন্দৰ ভীমা দেওগড়ৰ বাসিন্দা ৰমেশ (৩০), পত্নী মংগী (২৫), চাৰিবছৰীয়া পুত্ৰ সঞ্জয় আৰু দুবছৰীয়া পুত্ৰ দীপক। সেই সময়তে ভুল দিশেৰে অহা এখন ট্ৰেক্টৰে বাইকখন মহতিয়াই লৈ যায়।

image 70
মৰ্মান্তিক! ভুল দিশেৰে অহা ট্ৰেক্টৰৰ খুন্দাত মৃত্যু পতি-পত্নী আৰু পুত্ৰৰ… 2

এই দুৰ্ঘটনাত ৰমেশ, পত্নী মংগী আৰু কনিষ্ঠ পুত্ৰ দীপকৰ থিতাতে মৃত্যু। আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় সঞ্জয় নামৰ শিশুটি। ইফালে সেই সময়ত আন এখন বাইকেৰে আহি থকা ৰমেশৰ ভাগিন প্ৰহ্লাদো (১৬) দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত দুয়োজনকে হাস্পতাললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি অভিযুক্ত ট্ৰেক্টৰ চালকজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

দুৰ্ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।