মৰ্মান্তিক! বৰদিনৰ ছুটি উদযাপন কৰিবলৈ গৈ কৰুণ মৃত্যু ২ বন্ধুৰ…

নিউজ ডেস্কঃ বৰদিনৰ ছুটি উদযাপন কৰিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যু দুই বন্ধুৰ।

শনিবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ কোছিৰ মলয়াতুৰত।

জানিব পৰা মতে, পেৰুম্বাভুৰৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত দুই বন্ধুৱে বৰদিনৰ ছুটিত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিছিল।

পৰিকল্পনা অনুসৰি, দুই বন্ধুৱে শনিবাৰে পুৱা গাড়ী লৈ ওলাই যাওতেই মলয়াতুৰৰ মানপ্পাট্টু চিৰা নামৰ এটা পুখুৰীত নিয়ন্ত্ৰণ হেৰুৱাই বাহনসহ বাগৰি পৰে।

এই দুৰ্ঘটনাত দুয়োজন ব্যক্তিৰ মৃত্যু ঘটে।

নিহত দুয়োজনক ইডুক্কিৰ নিৱাসী বিনু (৪১) আৰু শ্ৰীনিৱাসন (৪২) বুলি চিনাক্ত কৰা হৈছে।

ইফালে ঘটনাস্থলীত পৰৱৰ্তী সময়ত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ পুখুৰীৰ পানীৰ পৰা গাড়ীখনৰ লগতে দুয়োজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।