নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৩ সন্তানসহ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ চাম্বা জিলাত।
জানিব পৰা মতে, শুকুৰবাৰে নিশা চাম্বাত ১৮ জন বিবাহ যাত্ৰীক কঢ়িয়াই নিয়া এখন ভানত এখন নিয়্ন্ত্ৰণহীন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মাৰে।
যাৰ ফলত ভানখনৰ ভিতৰত থকা তিনিটি শিশু আৰু এগৰাকী মহিলাৰ মৃত্যু ঘটাৰ লগতে আন ১৪ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়।

নিশা প্ৰায় ১১.৫০ বজাত সংঘটিত এই শোকাবহ দুৰ্ঘটনাটোত নিহত সকলক সুমন দেৱী (৪০), তেওঁৰ পুত্ৰ ৰাহুল (৮), যমজ সন্তান কৃষ (৫) আৰু মুস্কান (৫) বুলি চিনাক্ত কৰা হৈছে।
ইফালে দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰা হাস্পতাললৈ প্ৰেৰণ কৰে। আহত সকলৰ ৫ জনৰ অৱস্থা অধিক সংকটজনক হোৱাত পৰৱৰ্তী সময়ত জম্মুৰ জিএমচিএইছলৈ প্ৰেৰণ কৰা হয়।
ভানখনে অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।









