নিউজ ডেস্কঃ মহানগৰীত এইবাৰ ড্ৰাগছ সৰবৰাহত নামিল খোদ আৰক্ষী। ভতিজাকৰ সৈতে মিলি অবৈধ নিচাজতীয় টেবলেটৰ সৰবৰাহ কৰা এজন আৰক্ষী জোৱানক অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বশিষ্ঠ আৰক্ষীয়ে।
বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্পল গয়াৰী আৰু যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে এখন বাহনত সৰবৰাহ কৰাৰ সময়ত ২০ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত সৰবৰাহকাৰী দুজনক এজন মণিপুৰ আৰক্ষী কনিষ্টবল লেটমিন ছিং বুলি চিনাক্ত কৰা হৈছে। আনজন হৈছে আৰক্ষী কনিষ্টবলজনৰ ভতিজা। নাম থাউখুগিং হাউকিপ বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে সদৰী কৰা মতে, খুৰাক-ভতিজাকে এমএন ০১একে ৭২১৮ নম্বৰৰ বাহনখনেৰে মণিপুৰৰ পৰা অসম হৈ বাংগালুৰুলৈ নিচাজাতীয় টেবলেট খিনি সৰবৰাহ কৰাৰ সময়তে গোপন খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয়।









